অসম

assam

ETV Bharat / bharat

আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী - Defence Minister Rajnath Singh

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ(fourth death anniversary of Atal Bihari Vajpayee)চতুৰ্থ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু,উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত দলৰ সভাপতি জে পি নড্ডাকে(BJP president J P Nadda )ধৰি আন কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা উপস্থিত থাকে ।

fourth death anniversary of Atal Bihari Vajpayee
চতুৰ্থ মৃত্যু বাৰ্ষিকীত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Aug 16, 2022, 9:59 AM IST

নেচনেল ডেস্ক, ১৬ আগষ্ট: প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীত মঙলবাৰে দেশবাসীয়ে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে(death anniversary of Atal Bihari Vajpayee)। অটল সমাধিস্থলীত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু(President Draupadi Murmu),উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ(Vice President Jagdeep Dhankhar)আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে( Prime Minister Narendra Modi)। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে,উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত দলৰ সভাপতি জে পি নড্ডাকে(BJP president J P Nadda)ধৰি আন কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতাও উপস্থিত থাকে ।

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোডীৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ১৯৯০ৰ দশকৰ দ্বিতীয়াৰ্ধত দলৰ ক্ষমতাৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিজেপিৰ শক্তিশালী নেতাগৰাকীৰ স্মৃতিত এখন প্ৰাৰ্থনা সভাতো অংশগ্ৰহণ কৰে । ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে সামাজিক মাধ্য়মত প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । গৃহমন্ত্ৰী অমিত শ্বাহে(Home Minister Amit Shah)টুইট কৰি কয়,'শ্ৰদ্ধেয় অটলজীয়ে তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত ভাৰত মাতৃৰ গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ অতিবাহিত কৰিছিল । তেওঁ ভাৰতীয় ৰাজনীতিত দুৰ্বল কল্যাণ আৰু সু-শাসনৰ এক নতুন যুগ আৰম্ভ কৰিছিল । তদুপৰি বিশ্বক ভাৰতৰ সাহস আৰু শক্তি উপলব্ধি কৰাইছিল । আজি মৃত্যু বাৰ্ষিকীত তেওঁক প্ৰণাম জনাইছো ।'

আনহাতে,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh)টুইট কৰি কয়,'প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত তেওঁক প্ৰণাম জনাইছো । দেশক উন্নয়ন আৰু সু-শাসনৰ মন্ত্ৰ প্ৰদান কৰা বাজপেয়ীৰ জীৱনত তেওঁৰ ব্যক্তিত্বৰ গভীৰতা আৰু কামৰ উচ্চতাৰ প্ৰতিফলন হৈছে । ভাৰতৰ উন্নয়ন যাত্ৰাত তেওঁৰ অৱদান পাহৰিব নোৱৰা।' উল্লেখ্য় যে ১৯৯৮-২০০৪ চনৰ ভিতৰত ছয় বছৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা ভাৰতৰত্ন বাজপেয়ীৰ ২০১৮ চনত ৯৩ বছৰত মৃত্যু হৈছিল ।

লগতে পঢ়ক:বাঁহীৰ সুৰেৰে মৃত সৈনিক পিতৃলৈ শ্ৰদ্ধাঞ্জলি জীয়াৰীৰ

ABOUT THE AUTHOR

...view details