অসম

assam

ETV Bharat / bharat

Manipur Violence update: মণিপুৰৰ কৌৰ্তুক আৰু কাংভায় অঞ্চলত ভয়াৱহ গুলীচালনা - Manipur Violence news

মণিপুৰৰ চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সীমান্তত কাংভায় আৰু কৌৰ্তুক অঞ্চলত ভয়াৱহ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । ফলত সাধাৰণ লোকৰ জীৱনত ভয়াবহতা নামি আহিছে ৷

Manipur Violence update
Manipur Violence update

By

Published : Aug 6, 2023, 10:00 PM IST

Updated : Aug 6, 2023, 10:57 PM IST

তেজপুৰ, 6 আগষ্ট :অশান্তজৰ্জৰ মণিপুৰ ৷ মণিপুৰৰ চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সীমান্তত কাংভায় আৰু কৌৰ্তুক অঞ্চলত ভয়াবহ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ।

দেওবাৰে বিয়লিৰ পৰা বাতৰি লিখাৰ সময়লৈকে গুলীৰ শব্দত ৰজনজনাই আছে অঞ্চল দুটা । ফলত সাধাৰণ লোকৰ জীৱনত ভয়াৱহতা নামি আহিছে ৷ অৱশ্যে মণিপুৰ আৰক্ষীয়ে এই বিষয়ে কোনো তথ্য সদৰী কৰা নাই ।

বৃস্পতিবাৰে কুকি জনগোষ্ঠীয়ে আয়োজন কৰা সামূহিক সমাধিৰ বাবে হাজাৰ হাজাৰ লোক চাৰিওফালৰ পৰা উক্ত অঞ্চললৈ যাবলৈ আৰক্ষীৰ বেহু ভাঙি প্ৰবেশৰ চেষ্টা চলাইছিল । আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ সেই অঞ্চলত সেনা আৰু আৰ এ এফ ৰ গুলীচালনাৰ পিচতে শতাধিক লোকে ২য় এম আৰ আৰু ৭ম এম আৰ বেটেলিয়নত 300 তকৈ অধিক অস্ত্ৰ কাঢ়ি নিয়াৰ পিচত শুকুৰবাৰে আৰক্ষীৰ অভিযান চলে । আনহাতে এই পৰিস্থিতিত মণিপুৰ ইম্ফল ৱেষ্ট জিলাৰ চেঞ্জাম চিৰাং (Senjam Chirang ) নামৰ আৰক্ষীৰ মৃত্যু হয় ।

ইয়াৰ পিচত মণিপুৰ আৰক্ষীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে যে কৌৰ্তুক পাহাৰীয়া অঞ্চলত সেনা বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযানৰ সময়ত 7 টাকৈ অবৈধভাৱে নিৰ্মাণ কৰা বাংকাৰ ধ্বংস কৰে । এই বাংকাৰসমূহত স্থানীয় অস্ত্ৰধাৰী লোকসকলে নিৰ্বিঘ্নে গুলীচালনা কৰিছিল । চেনেইপাৰ ৰাইফলৰ গুলীত এগৰাকী আৰক্ষী বিষয়া নিহত হোৱাৰ পিচতে এই অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে ।

আৰক্ষীয়ে সমগ্ৰ ৰাজ্যখনৰ নিশাৰ ভিতৰতে 129 টা নাকা চেকিং পইণ্টত মুঠ 1047 গৰাকী লোকৰ পৰা আটক কৰিছে । ইতিমধ্যে সুৰক্ষা বাহিনীয়ে আন মেন এৰিয়েলৰ জড়িয়তে পৰ্যালোচনা চলাই আছে ।

মণিপুৰ আৰক্ষীয়ে শনিবাৰে নিশা এক বিবৃতিত উল্লেখ কৰে যে, জিলাখনৰ পাহাৰীয়া আৰু ভৈয়ামৰ বিভিন্ন থানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ পৰা অস্ত্ৰসহ গোলা বাৰুদ লুণ্ঠন কৰে। আনহাতে শনিবাৰে সন্ধিয়া নিউ কেইথেলমানবি থানাৰ অন্তৰ্গত এ মুংচামকম গাঁৱত উগ্ৰপন্থীৰ সৈতে 5/9 জি আৰ আৰু 21 এছ এফৰ যুটীয়া দলৰ মাজত হোৱা সংঘৰ্ষত অ-SoO সংগঠনৰ এজনক এছ এল আৰৰ সৈতে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা বন্দুক আৰু 50 জাঁই সক্ৰীয় গুলী জব্দ কৰে ৷

আৰক্ষী নিয়ন্ত্ৰণ কক্ষই জনোৱা মতে, জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু অস্ত্ৰভাণ্ডাৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুটপাত হোৱাৰ পৰিমানৰ তথ্য এতিয়াও বিভ্ৰান্তিকৰ। নিৰাপত্তা বাহিনীয়ে পাহাৰীয়া আৰু ভৈয়াম অঞ্চলত প্ৰতিদিনে অভিযান চলাই লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিযানত ভৈয়ামৰ জিলাসমূহৰ পৰা 1057 টা মাৰণাস্ত্ৰ আৰু 14,201 টা গোলা বাৰুদ উদ্ধাৰ কৰা হৈছে আৰু পাহাৰীয়া জিলাসমূহৰ পৰা 138 টা মাৰণাস্ত্ৰ আৰু 121 টা গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক:Rahul Lok Sabha membership: ৰাহুল গান্ধীৰ সাংসদ পদ পুনৰুদ্ধাৰত পলম হোৱাৰ আশংকা

Last Updated : Aug 6, 2023, 10:57 PM IST

ABOUT THE AUTHOR

...view details