অসম

assam

ETV Bharat / bharat

হেমন্ত চোৰেণৰ সময়সীমা শেষ, পৰৱৰ্তী পদক্ষেপ কি হ’ব ইডিৰ ?

ED Hemant Soren : ইডিৰ সপ্তম চমনৰ প্ৰত্যুত্তৰ নিদি বিপদত পৰিছে নেকি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ ? ইডিয়ে এতিয়া অধিক পদক্ষেপৰ পৰিকল্পনা কৰিছে ৷

Etv Bharat
বিপদত পৰিছে নেকি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 8:51 PM IST

নিউজ ডেস্ক, 1 জানুৱাৰী : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে তেওঁৰ বক্তব্য ক’ত লিপিবদ্ধ কৰিব লাগে সেই বিষয়ে বলবৎকাৰী সঞ্চালকালয়ৰ বিষয়াসকলক অৱগত কৰা নাছিল ৷ ইডিয়ে দুদিনৰ ভিতৰত মুখ্যমন্ত্ৰীলৈ এখন চিঠি লিখি ঠাই আৰু সময় ঠিক কৰি দিছিল ৷ এনে পৰিস্থিতিত ইয়াৰ পিছত কি হ’ব? এতিয়া ইডিৰ কৌশল কি হ’ব আৰু মুখ্যমন্ত্ৰী হেমন্তৰ মনত কি আছে সেই লৈ সৰ্বত্ৰে চলিছে সৰব চৰ্চা ৷

উত্তেজনা বৃদ্ধি হ’ব: ইডিৰ সাতটা চমন আওকাণ কৰা মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে কি কৰাৰ উদ্দেশ্যত আছে তাকে লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷ অনুমান কৰা হৈছে যে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ আৰু ইডিৰ মাজত বিবাদ বহু পৰিমাণে তীব্ৰতৰ হ’বলৈ গৈ আছে ৷ মুখ্যমন্ত্ৰী সন্দৰ্ভত ইডিয়ে কোনটো পথ গ্ৰহণ কৰে সেয়াও লক্ষ্যণীয় হ’ব ৷ এফালে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে এই বিষয়ত আইনী পৰামৰ্শ লৈছে, আনফালে ইডিয়েও অধিক ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে ৷

মুখ্যমন্ত্ৰীৰ বক্তব্য লিপিবদ্ধ হ’ব লাগিছিল : ইডিৰ ছটা চমনৰ পিছতো ইডিৰ কাৰ্যালয়ত উপস্থিত নোহোৱা মুখ্যমন্ত্ৰী হেমন্তক চোৰেণক ভূমি কেলেংকাৰীৰ গোচৰত নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ, নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰিবলৈ 31 ডিচেম্বৰৰ সময় দিয়া হৈছিল ৷ কিন্তু ইডিৰ সপ্তম চমনকো আওকাণ কৰিলে মুখ্যমন্ত্ৰীজনে ৷ এনে পৰিস্থিতিত জানুৱাৰী মাহত মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ সন্দৰ্ভত ইডিয়ে নিশ্চিতভাৱে কিছু ডাঙৰ সিদ্ধান্ত ল’ব বুলি ধাৰণা কৰা হৈছে ৷ কাৰণ ইডিয়ে মুখ্যমন্ত্ৰী হেমন্ত চেৰোণক সোধা-পোছাৰ বাবে শেষ সুযোগ দিছিল ৷

মন কৰিবলগীয়া যে ইডিয়ে জাৰি কৰা পত্ৰখনত লিখা আছিল যে ভূমি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক জেৰা কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ এই বিষয়ত তদন্ত আগুৱাই নিবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য লিপিবদ্ধ কৰাটো অতি প্ৰয়োজনীয় ৷ বিবৃতি লিপিবদ্ধ নোহোৱাৰ বাবে প্ৰভাৱিত হৈছে এই তদন্ত ৷ এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীক ইডি আৰু তেওঁৰ উভয়ৰে বাবে উপযোগী ঠাইৰ সিদ্ধান্ত লোৱাৰ এই শেষ সুযোগ দিয়া হয় ৷

লগতে পঢ়ক :চাকনৈয়াত ঝাৰখণ্ডৰ ৰাজনীতি: পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে !

ABOUT THE AUTHOR

...view details