অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ মৰ্গত চলিছে মৃতদেহৰ দৰদাম - Fatehpur mortuary viral video

৫০০ টকা দিলে নহ'ব, ৮০০ টকা দিলেহে পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হ'ব মৃতদেহ ! ফতেহপুৰৰ এটা মৰ্গত কাম কৰা দুজন লোকে মৃতদেহক লৈ দৰদাম কৰি থকা এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে । লগে লগে স্বাস্থ্য বিভাগত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Dead body auctioned for Rs 800 in Fatehpur mortuary
উত্তৰ প্ৰদেশৰ মৰ্গত চলিছে মৃতদেহৰ দৰদাম

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:02 PM IST

উত্তৰ প্ৰদেশৰ মৰ্গত চলিছে মৃতদেহৰ দৰদাম

নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ :উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । হাস্পতালৰ মৰ্গত মৃতদেহক লৈ দৰদাম চলাৰ এক তথ্য পোহৰলৈ আহিছে । শেহতীয়াকৈ জিলাখনৰ মৰ্গৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । ভিডিঅ'টোত দুজন লোকে এটা মৃতদেহ দিয়াৰ বাবদ ৮০০ টকা দাবী কৰা দেখা গৈছে । মৃতদেহৰ বিনিময়ত ধনৰ লেনদেন সম্পৰ্কে পৰিয়ালৰ সৈতে লোক দুজনে তৰ্ক কৰিছে ।

অৱশ্যে পৰৱৰ্তী সময়ত মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়া হয় । ইফালে চিএমঅ'য়ে এই ভাইৰেল ভিডিঅ'টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । চিএমঅ'য়ে কোৱা মতে ভিডিঅ'টোৰ আধাৰত এক তদন্ত কৰা হৈছে । চিএমএছকো তদন্তৰ পাছত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে । অৱশ্যে, ভাইৰেল ভিডিঅ'টো সম্পৰ্কে এতিয়াও কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা হোৱা নাই ।

সূত্ৰৰ মতে এই ভাইৰেল ভিডিঅ'টো ফতেহপুৰ জিলা চিকিৎসালয়ৰ মৰ্গৰ । মৰ্গত থকা দুজন লোকে মৃতদেহটো দিয়াৰ বাবে পৰিয়ালৰ লোকৰ পৰা ৮০০ টকা দাবী কৰিছে । তেওঁলোকে মৃতকৰ পৰিয়ালৰ সৈতে দৰদাম কৰিছে । ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে স্বাস্থ্য বিভাগত এক আলোড়নৰ সৃষ্টি হৈছে । চিএমঅ'য়ে তাৎক্ষণিকভাৱে চিএমএছক ভিডিঅ'টোৰ ভিত্তিত তদন্ত আৰু ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে । যিজন লোকে টকা বিচাৰিছে তেওঁ আদিল আৰু টকা লোৱা ব্যক্তিজনৰ নাম মুন্না বুলি জানিব পৰা গৈছে ।

চিএমঅ' অশোক কুমাৰে কোৱা মতে তেওঁৰ শেহতীয়াকৈ এই বিষয়টো দৃষ্টিগোচৰ হৈছে । তেওঁৰ মতে চিকিৎসালয়ৰ অন্তৰ্ভুক্ত যিকোনো মৃতদেহ চিকিৎসালয়ৰ চৌহদত ৰখা হয় । মৰ্গত দেখা দুজন লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ জনাইছে ।

লগতে পঢ়ক :বৰপেটাৰোডত চিকিৎসকৰ ভয়ংকৰ কাণ্ড : শিশুৰ শৰীৰত প্ৰয়োগ ৯ মাহ পূৰ্বে ম্যাদ উকলা ভেকচিন

ABOUT THE AUTHOR

...view details