অসম

assam

ETV Bharat / bharat

ঝান্সিৰ কুৰেচা বান্ধত এগৰাকী যুৱতী আৰু দুগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ - Girls body found in Kurecha Dam

ঝান্সি কুৰেচা বান্ধত উটি আহিল এগৰাকী যুৱতী আৰু ২ কিশোৰীৰ মৃতদেহ (Bodies of 3 girls found in Jhansi)। আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ কেইটা । কিন্তু ক'ৰ পৰা আহিল মৃতদেহ কেইটা ? কোনো হত্যা কৰি তেনেদৰে নৈত পেলাই থৈ গ'ল নেকি, নে এয়া আত্মহত্যাৰ ঘটনা ? কি কয় আৰক্ষীয়ে ?

Jhansi
ঝান্সিৰ কুৰেচা বান্ধত যুৱতীসহ ২ কিশোৰীৰ মৃতদেহ উদ্ধাৰ

By

Published : Oct 9, 2022, 1:44 PM IST

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ :উত্তৰ প্ৰদেশৰ ঝান্সি জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Sensational incident in UP)। জিলাখনৰ মৌৰানীপুৰৰ কুৰেচা বান্ধত ৰহস্যজনকভাৱে যুৱতীসহ ২ কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছে (3 girls dead body found in Jhansi)। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহকেইটা আৰক্ষীয়ে উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

জানিব পৰা মতে কুৰেচা বান্ধত পানীত ওপঙি থকা অৱস্থাত এটা মৃতদেহ শনিবাৰে সন্ধিয়া স্থানীয় লোকে প্ৰত্যক্ষ কৰে (Girls body found in Kurecha Dam)। লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ কৰে ।

তাৰ পাছত পুনৰ আৰক্ষীক অৱগত কৰা হয় যে আন দুগৰাকী কিশোৰীৰ মৃতদেহ বান্ধত ওপঙি থকা দেখা গৈছে । তথ্যৰ ভিত্তিত চক্ৰ বিষয়া অৰুণ চৌৰাছিয়াই আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ সেই কেইটা মৃতদেহো উদ্ধাৰ কৰে ।

জানিব পৰা মতে তিনিওজনীৰ ভিতৰত এজনীৰ বয়স ২৫ বছৰ আৰু আন দুগৰাকীৰ বয়স ১৭ৰ পৰা ১৯ বছৰৰ ভিতৰত । বৰ্তমান, আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অনুসন্ধান আৰম্ভ কৰিছে । অৱশ্যে মৃতদেহকেইটাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ।

এনেদৰে এগৰাকী যুৱতীসহ ২ কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । তেওঁলোকক হত্যা কৰা হৈছিল নে তেওঁলোকে আত্মহত্যা কৰিছে তাৰ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে ।

ঘটনা সন্দৰ্ভত এছএছপি ৰাজেশ এছয়ে কয় যে তিনিওটা মৃতদেহত কোনো আঘাতৰ দাগ পোৱা নাই । যিহেতু অঞ্চলটো মধ্য প্ৰদেশৰ সীমান্তত আছে, সেয়ে মৃতদেহ কেইটা মধ্য প্ৰদেশৰ টিকমগড়ৰ দিশৰ পৰাও উটি আহিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । সেয়েহে, আৰক্ষীয়ে প্ৰথমে মৃতদেহকেইটা চিনাক্ত কৰাত গুৰুত্ব দিছে । অৱশ্যে এয়া হত্যা নে আত্মহত্যা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে ক'ব পৰা যাব বুলি আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :সোণাৰিৰ নিচামুক্তি কেন্দ্ৰত এজন লোকৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details