অসম

assam

ETV Bharat / bharat

মুফ্টী, আব্দুল্লাৰ বাবে ডিডিচি নিৰ্বাচন আছিল এক বিদায় অনুষ্ঠান : তৰুণ চুঘ - জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন

দেওবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আয়োজিত নৱনিৰ্বাচিত ডিডিচি প্ৰাৰ্থী পঞ্চ আৰু চৰপঞ্চৰ সম্বৰ্ধনা অনুষ্ঠানত গুপকাৰ এলায়েন্সক সমালোচনা বিজেপিৰ প্ৰবক্তা তৰুণ চুঘৰ ৷ মেহবুবা মুফ্টী, আব্দুল্লাৰ বাবে জম্মু-কাশ্মীৰৰ শেহতীয়া জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন এক বিদায় অনুষ্ঠান আছিল বুলি মন্তব্য কৰে চুঘে ৷

Tarun Chugh comments
জম্মু-কাশ্মীৰৰ বিজেপিৰ প্ৰবক্তা তৰুণ চুঘৰ মন্তব্য

By

Published : Dec 28, 2020, 7:41 AM IST

নেশ্যনেল ডেস্ক,28 ডিচেম্বৰ : মেহবুবা মুফ্টী, আব্দুল্লা আৰু তেওঁৰ পুত্ৰসকলৰ বাবে জম্মু-কাশ্মীৰৰ শেহতীয়া জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন আছিল এক বিদায় অনুষ্ঠান ৷ দেওবাৰে বিজেপিৰ প্ৰবক্তা তৰুণ চুঘে এই কথা উল্লেখ কৰে ৷

শ্ৰীনগৰত আয়োজিত নৱনিৰ্বাচিত ডিডিচি প্ৰাৰ্থী পঞ্চ আৰু চৰপঞ্চৰ সম্বৰ্ধনা অনুষ্ঠানত চুঘে কয় যে, তেওঁ ৰাজ্যৰ বৰ্তমানৰ বিজেপি গোটৰ পৰা জম্মু-কাশ্মীৰৰ বাবে ভৱিষ্যতৰ এজন মুখ্যমন্ত্ৰী প্ৰত্যক্ষ কৰিছে ৷

লগতে তেওঁ কয় যে, ডিডিচি নিৰ্বাচনত মুফ্টী আৰু আব্দুল্লাৰ দলৰ বিজয়ী প্ৰাৰ্থীসকলেও তেওঁলোকৰ পৰা আঁতৰত আহিছে । যেতিয়া নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল, তেওঁলোকে কৈছিল যে কোনো সমূদায়ে ভোটদান কৰিবলৈ ওলাই নাহে ৷ এতিয়া গুপকাৰৰ সকলো কঁপি আছে ৷

চুঘে অভিযোগ উত্থাপন কৰি কয় যে, পিপলছ এলায়েন্স ফ’ৰ গুপকাৰ ডিক্লেয়াৰেশ্যন চমুকৈ PAGD দলটো পুৰণি সদস্যৰ দ্বাৰা গঠিত হয় ৷ তেওঁলোকৰ উদ্দেশ্য আছিল বিজেপি দলক প্ৰতিহত কৰা ৷ অৰ্থাৎ বিজেপিক জম্মু-কাশ্মীৰৰ পৰা মষিমূৰ কৰা আৰু জম্মু-কাশ্মীৰৰ বিকাশত বাধা প্ৰদান কৰা ৷

লগতে পঢ়ক :লক্ষ্ণৌৰ ৰাজপথত জ্বলি উঠিল সামগ্ৰী ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details