অসম

assam

ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ - জিলা উন্নয়ন পৰিষদ (ডিডিচি) নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

জম্মু আৰু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ ৷ 321 গৰাকী প্ৰাৰ্থীৰ বাবে 43 সমষ্টিত 2100 ৰো অধিক কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ ৷ ডিডিচি নিৰ্বাচনৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছে চৰপঞ্চৰ নিৰ্বাচন ৷ কাশ্মীৰৰ প্ৰায় আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰকে স্পৰ্শকাতৰ আখ্যা নিৰ্বাচনী আয়ুক্তৰ ৷

জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ
জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

By

Published : Dec 1, 2020, 10:26 AM IST

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: জম্মু আৰু কাশ্মীৰত জিলা উন্নয়ন পৰিষদ (ডিডিচি) নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ ৷ সোমবাৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত কে কে শৰ্মাই কয় যে জম্মু আৰু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদ (ডিডিচি) নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ 321 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা আগবঢ়াইছে আৰু মঙলবাৰে 2100 ৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰত এইসকল প্ৰাৰ্থীৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷

নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চলটোত মুঠ 43 টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ ইয়াৰ ভিতৰত কাশ্মীৰত 25 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে জম্মুত 18 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ শৰ্মাই কয় যে জিলা উন্নয়ন পৰিষদৰ 43 খন আসনৰ বাবে মুঠ 321 গৰাকী প্ৰাৰ্থী আছে ৷ ইয়াৰ ভিতৰত কাশ্মীৰৰ পৰা আছে 196 গৰাকী প্ৰাৰ্থী আৰু জম্মুত আছে মুঠ 125 গৰাকী প্ৰাৰ্থী ৷

নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে ডিডিচি নিৰ্বাচনৰ সমান্তৰালকৈ 83 টা সমষ্টিত চৰপঞ্চৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ চৰপঞ্চ নিৰ্বাচনৰ বাবে মুঠ 223 গৰাকী প্ৰাৰ্থী আছে ৷ তেওঁ লগতে কয় যে পঞ্চায়তৰ উপনিৰ্বাচন 331 টা সমষ্টিত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে 709 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

ইতিমধ্যে 58 গৰাকী চৰপঞ্চ (29 গৰাকী পুৰুষ আৰু 29 গৰাকী মহিলা ) আৰু 804 গৰাকী পঞ্চ (548 গৰাকী পুৰুষ আৰু 256 গৰাকী মহিলা ) বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হৈছে বুলি নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিছে ৷ তেওঁ কয় যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট দান কৰাৰ বাবে মুঠ 7.90 লাখ যোগ্য ভোটাৰ আছে ৷ এইসকল ভোটাৰে মুঠ 2,142 টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব ৷ ইয়াৰ ভিতৰত কাশ্মীৰত 1,305 আৰু জম্মুত 1,305 ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷

নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে এই কথাও জানিবলৈ দিয়ে যে সুৰক্ষাৰ দিশৰ পৰা কাশ্মীৰৰ প্ৰায় আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰই যথেষ্ট স্পৰ্শকাতৰ ৷ সেয়ে সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷

নিৰ্বাচনৰ প্ৰাৰ্থী সকলক সুৰক্ষা প্ৰদান নকৰাৰ লগতে প্ৰাৰ্থী সকলক সুৰক্ষিত আবাসত সীমাবদ্ধ কৰি ৰখাক লৈ উত্থাপিত হৈ অহা অভিযোগৰ ওপৰত প্ৰশ্ন কৰাত নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে কয় যে এগৰাকী প্ৰাৰ্থীৰ ব্যক্তিগত সুৰক্ষা গুৰুত্বপূৰ্ণ হোৱাৰ লগতে নিৰ্বাচন সফলভাৱে অনুষ্ঠিত হ'বলৈ এগৰাকী প্ৰাৰ্থীয়ে সমষ্টিলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাটো জৰুৰী ৷ শৰ্মাই কয় যে তেওঁ ব্যক্তিগতভাৱে সমগ্ৰ ঘটনাৰ বুজ লৈছে আৰু মাত্ৰ দুই এটাহে তেনে অভিযোগ লাভ কৰিছে ৷ অৱশ্যে কোনো এগৰাকী প্ৰাৰ্থী বহিৰলৈ ওলাই গ'লে তেওঁক আৰক্ষীক জনাবলৈ কোৱা হৈছে যাতে তেওঁৰ ভ্ৰমণ সুৰক্ষিত থাকে ৷

লগতে পঢ়ক:আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details