নিউজ ডেস্ক, 22 ডিচেম্বৰ :জম্মু-কাশ্মীৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনী ফলাফল আজি ঘোষণা কৰা হয় ৷ সেই অনুসৰি, পুলৱামা সমষ্টিৰ পৰা জয়লাভ কৰিছে পিডিপি দলৰ প্ৰাৰ্থী ৱাহেদ উৰ-ৰহমান পাৰায়ে ৷ পাৰা হৈছে পিডিপি দলৰ যুৱ মৰ্চাৰ সভাপতি, যাক বিগত মাহত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই গ্ৰেপ্তাৰ কৰিছিল ৷ পাৰাই বিজেপিৰ সাজাদ আহমেদ ৰাইনা আৰু জেকেএপিৰ গুলাম হাছান মীৰৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ৷
জম্মু-কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা পাৰাৰ এইটো প্ৰথম নিৰ্বাচন আছিল ৷ মনোনয়ন দাখিলৰ এদিন পিছত, অৰ্থাৎ বিগত 25 নৱেম্বৰত পাৰাক নিয়াই গ্ৰেপ্তাৰ কৰিছিল ৷ বৰ্তমানেও পাৰাই জম্মুৰ আমফাল্লা জেলত বন্দী হৈ আছে ৷