নেশ্যনেল ডেস্ক,২৫ জুলাই :মণিপুৰৰ বিবস্ত্ৰ মহিলাৰ ভাইৰেল ভিডিঅ'ক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । একাংশ লোকৰ উৎপীড়নৰ মণিপুৰৰ দুই মহিলাৰ ন্যায়ৰ বাবেও বিভিন্নজনে দাবী জনাইছে । ইয়াৰ মাজতে ভুক্তভোগী দুই মহিলাৰ ঘৰত উপস্থিত দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল । মালিৱালে ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে । দিল্লী মহিলা আয়োগৰ এগৰাকী বিষয়াই জনোৱা মতে আয়োগৰ সদস্য বন্দনা সিঙৰ সৈতে মালিৱাল সোমবাৰে ইম্ফলত উপস্থিত হয় আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাতৰ বাবে হিংসাগ্ৰস্ত চুৰাচান্দপুৰ জিলা ভ্ৰমণ কৰে ।
মালিৱালে ভুক্তভোগী দুই মহিলাৰ মাতৃ আৰু স্বামীৰ সৈতে বৈঠকত মিলিত হয় । হিন্দীত লিখা এটা টুইটত আয়োগৰ মুৰব্বীয়ে কৈছে যে তেওঁ মণিপুৰৰ দুয়োগৰাকী কন্যাৰ পৰিয়ালক সাক্ষাৎ কৰিছে । এগৰাকীৰ স্বামী নিৰাপত্তা বাহিনীত কৰ্মৰত আছিল বুলি তেওঁ উল্লেখ কৰে । ভুক্তভোগীৰ স্বামীয়ে তেওঁ কৈছে এতিয়ালৈকে কোনেও তেওঁক সাক্ষাতৰ বাবে অহা নাই আৰু আয়োগৰ মুৰব্বী হৈছে তেওঁৰ ওচৰলৈ যোৱা প্ৰথমগৰাকী লোক । আনগৰাকী ভুক্তভোগীৰ মাতৃকো তেওঁ সাক্ষাৎ কৰিছে । মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে প্ৰশ্ন কৰিছে যদি তেওঁ নিৰাপত্তা অবিহনে তালৈ যাব পাৰে তেনেহ'লে মুখ্যমন্ত্ৰী বা প্ৰশাসনৰ বাকীসকল লোক কিয় যাব নোৱাৰে ?
দুয়োটা পৰিয়ালক সাক্ষাতৰ সময়ৰ দুখন ফটোও মালিৱালে শ্বেয়াৰ কৰে । ইয়াৰ উপৰিও মালিৱালে চুৰাচান্দপুৰ, মৈৰাং আৰু ইম্ফল জিলাও ভ্ৰমণ কৰে । য'ত তেওঁ কেইবাটাও সাহায্য শিবিৰত আশ্ৰয় লোৱা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে । ভ্ৰমণৰ সময়ত তেওঁৰ প্ৰত্যাহ্বানমূলক অভিজ্ঞতা শ্বেয়াৰ কৰি মালিৱালে দাবী কৰে যে ৰাজ্য চৰকাৰে সংঘৰ্ষগ্ৰস্ত অঞ্চলসমূহলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত তেওঁক সমৰ্থন দিবলৈ অস্বীকাৰ কৰিছে । মালিৱালে উল্লেখ কৰা মতে মণিপুৰ ভ্ৰমণৰ ৩ দিন তেওঁৰ বাবে অত্যন্ত কঠিন আছিল ।