নতুন দিল্লী,3 জানুৱাৰী : দেওবাৰে পুৱা 11 বজাত ডিজিআইয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সম্বোধন কৰি কৰ’ণাৰ প্ৰতিষেধক সন্দৰ্ভত কিছু কথা সদৰী কৰিব ৷ ইয়াৰ পূ্ৰ্বে শনিবাৰে কেন্দ্ৰীয় ঔষধৰ মানদণ্ড নিয়ন্ত্ৰণ সংগঠনৰ বিশেষ বিশেষজ্ঞ সমিতিয়ে চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা কৰ’ণা প্ৰতিষেধক জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰে ৷
বিগত শুকুৰবাৰ আৰু শনিবাৰে এই প্ৰতিষেধকৰ ব্যৱহাৰ সম্বন্ধত এছইছি-য়ে বৈঠক অনুষ্ঠিত কৰিছিল ৷ লগতে ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা কৰ’ণাৰ প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ অনুশীলনৰ বাবে অনুমোদন বিচৰাৰ লগতে জৰুৰীকালীন সময়ত ইয়াক ব্যৱহাৰ কৰাৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছিল ৷ উল্লেখ্য যে, ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ পৰা চূড়ান্ত অনুমোদন বিচাৰি এই আবেদন কৰা হৈছে ৷