নিউজ ডেস্ক, ২৯ মাৰ্চ :শেহতীয়াভাৱে দেশৰ ফাৰ্মাচিটিকেল কোম্পানীবোৰৰ ওপৰত কঠোৰ হৈছে ভাৰতীয় ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল । তাৰৰেই অংশ হিচাপে বিগত দুসপ্তাহত নকল আৰু নিম্নমানৰ ঔষধ উৎপাদন কৰা ফাৰ্মাচিউটিকেল কোম্পানীবোৰৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰা হয় । ভাৰতীয় ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেলে (Drugs Controller General of India, DCGI) ইয়াৰ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে 20 খন ৰাজ্যৰ 76 টা ফাৰ্মা কোম্পানীৰ বিৰুদ্ধে তালাচী আৰু অনুসন্ধান অভিযান চলায় (DCGI Raids on Pharma Firms in 20 states) ।
স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, এই অভিযানৰ পিছত 18 টা কোম্পানীৰ অনুজ্ঞা-পত্ৰ বাতিল কৰা হৈছে । আনহাতে, নিয়মাৱলী উলংঘা কৰা বুলি প্ৰমাণিত হোৱা 26 টা প্ৰতিষ্ঠানক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে (Show cause notices to 26 pharma firms) । "এনে ধৰণৰ অভিযানৰ প্ৰথম পৰ্যায়ত দেশজুৰি অভিযানৰ বাবে মুঠ ২০৩ টা কোম্পানী চিনাক্ত কৰা হৈছে (health ministry of India) ।" সূত্ৰত এই কথা প্ৰকাশ ।
উল্লেখ্য যে এই অভিযানত তিনিটা প্ৰতিষ্ঠানৰ সামগ্ৰীৰ অনুমতি বাতিল কৰা হৈছে । আনহাতে, অনাগত দিনতো এনে অভিযান অব্যাহত থাকিব বুলি সূত্ৰটোৱে লগতে কয় । অন্ধ্ৰপ্ৰদেশ, বিহাৰ, দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, পুডুচেৰী, পঞ্জাব, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগত এই অভিযান চলোৱা হৈছিল ।