নিউজ ডেস্ক, ২৩ জানু্ৱাৰী: কৰ্ণাটকৰ মহীশূৰৰ টি নাৰাছিপুৰ তালুকত বিগত কেইবামাহ ধৰি নাহৰফুটুকীয়ে ত্ৰাস সৃষ্টি কৰি আহিছে (Leopard menace in karnataka) ৷ নাহৰফুটুকীৰ সন্ত্ৰাসত অঞ্চলটোৰ কেইবাজনো লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ নাহৰফুটুকীটোৰ ত্ৰাসত উপায়ন্তৰ হৈ স্থানীয় লোকে অৱশেষত প্ৰশাসনৰ কাষ চাপিবলৈ বাধ্য হয় ৷ স্থানীয় লোকৰ আবেদনৰ পাচত নাহৰফুটুকীটো বন্দী কৰাৰ বাবে সিদ্ধান্ত লৈছে মহীশূৰৰ জিলা প্ৰশাসনে ৷
মহীশূৰ জিলাৰ উপায়ুক্ত ড৹ কে ভি ৰাজেন্দ্ৰই বিভাগীয় কৰ্তৃপক্ষক নৰসীপুৰ আৰু সংলগ্ন নাঞ্জানাগুডু তালুকৰ সীমান্ত অঞ্চলৰ পূৰঠ কুঁহিয়াৰৰ খেতি অহা ১৫ দিনৰ ভিতৰত চপোৱাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে (DC notice for sugarcane harvesting) । উল্লেখ্য, যে, বিগত দুমাহত নাহৰফুটুকীৰ আক্ৰমণত প্ৰায় ২ টি কিশোৰসহ প্ৰায় চাৰিজন লোক নিহত হৈছে ।
শুকুৰবাৰে জিলাখনৰ হোৰালাহাল্লা গাঁৱৰ জয়ন্ত নামৰ এজন ১১ বছৰীয়া কিশোৰৰ নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু হয় । ইয়াৰ দুদিন পূৰ্বে অৰ্থাৎ বুধবাৰে কন্ননায়কনাহাল্লিত চিদ্দাম্মা নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল । আনহাতে বিগত বৰ্ষৰ ১ ডিচেম্বৰত নাহৰফুটুকীৰ আক্ৰমণত এছ কেববেহুণ্ডি গাঁৱৰ মেঘনা (২২) নামৰ এগৰাকী যুৱতী আৰু মাদগাৰ লিংগায়নহুণ্ডিৰ এগৰাকী যুৱক মঞ্জুনাথৰ (১৮) নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু হৈছিল (Four killed in leopard attack) ।