অসম

assam

ETV Bharat / bharat

Child lifted in Delhi: সন্তানৰ দাবী পূৰণৰ বাবে পিতৃ-মাতৃয়ে চুৰি কৰিলে নৱজাতক শিশু - Child Kidnapped in delhi

সন্তানৰ দাবী পূৰণ কৰিবলৈ গৈ পিতৃ-মাতৃয়ে ললে অভিনৱ পদক্ষেপ ৷ দিল্লীত শিশু চুৰি কৰি আৰক্ষীৰ জালত পৰিল এহাল দম্পত্তি ৷

Child lifted in Delhi
সন্তানৰ দাবী পূৰণৰ বাবে পিতৃ-মাতৃয়ে চুৰি কৰিলে শিশু

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 10:38 PM IST

নিউড ডেস্ক,26 আগষ্ট : সন্তানৰ দাবী পূৰণ কৰিবলৈ গৈ পিতৃ-মাতৃয়ে ললৈ অভিনৱ পদক্ষেপ ৷ এই ঘটনা সংঘটিত হৈছে দিল্লীত ৷ ঘটনা অনুসৰি ৰাখি বন্ধনৰ উপলক্ষে কন্যাই বিচৰিছিল এটি ভাতৃ ৷ ভাতৃক ৰাখি পিন্ধোৱাৰ বাবে উদগ্ৰীৱ হৈ পৰিছিল কিশোৰীগৰাকী ৷ সেয়ে কন্যাৰ দাবী মানি এহাল দম্পত্তিয়ে পদপথত শুই থকা এটা পৰিয়ালৰ মাজৰ পৰা এটি শিশু চুৰি কৰে ৷ তাৰ পাচতে আৰক্ষীৰ জালত পৰে শিশু চুৰি কাণ্ডত জড়িত দম্পত্তি ৷ আৰক্ষী তৎপৰতাত অভিযুক্ত সঞ্জয় গুপ্তা আৰু অনিতা গুপ্তাক গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত দম্পত্তিহালৰ ঘৰ ঠাকুৰ বাগিচাৰ ৰঘুবীৰ নগৰত বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ ভাষ্য অনুসৰি, দীপক আৰু ৰামশিলা নামৰ দম্পত্তিয়ে দুবছৰীয়া কন্যা সন্তান আৰু এমহীয়া পুত্ৰৰ সৈতে চট্টা ৰে’ল চকৰ ফুটপাথত শুই আছিল ৷ আন্ধাৰৰ সুযোগ লৈ সঞ্জয় গুপ্তা আৰু অনিতা গুপ্তাই চুৰি কৰি লৈ গৈছিল শিশুটো ৷ পুৱাৰ ভাগত দীপক আৰু ৰামশিলাই সাৰ পাই সন্তান সন্ধানহীন হোৱাৰ কথা জানিব পাৰি ক’তৱালী আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল ৷ এই ঘটনা সংঘটিত হৈছিল 23 আগষ্টৰ নিশা ৷

ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৷ উক্ত অঞ্চলটোৰ বিভিন্ন স্থানত স্থাপিত প্ৰায় 400 অধিক চি চি টি ভি ফুটেজ পৰীক্ষা কৰে আৰক্ষীয়ে ৷ ঘটনাৰ উক্ত নিশা সেই অঞ্চলটোত দুজনকৈ লোক বাইকত ঘূৰি ফুৰাৰ দৃশ্য বন্ধি হৈছিল চি চি টি ভিত ৷ পঞ্জীয়নকৃত বাইক খনৰ নম্বৰ অনুসৰি অনুসন্ধান কৰিছিল আৰক্ষীয়ে ৷ বাইকখন সঞ্জয়ৰ নামত পঞ্জীয়ন কৰা আছিল ৷ তেতিয়াই আৰক্ষীয়ে ঠাকুৰ গাৰ্ডেনৰ ৰঘুবীৰ নগৰৰ চি-ব্লকত অভিযান চলাই ৷ সেই অভিযানতে চুৰি হোৱা শিশুটোক উদ্ধাৰ কৰাৰ লগতে দম্পত্তিহালক আটক কৰে ৷

লগতে পঢ়ক:Kaushambi Honor Killing : কুঠাৰেৰে ঘপিয়াই কিশোৰীক হত্যা, অভিযুক্ত পিতৃ আৰু ভাতৃক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details