নেশ্যনেল ডেস্ক,১৩ জুন : বেংগালুৰুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ৭০ বছৰীয়া মাতৃক হত্যা কন্যাৰ । মাতৃক হত্যা কৰি ছুটকেচত ভৰালে মৃতদেহ । কেৱল এয়াই নহয় ছুটকেচত মাতৃৰ মৃতদেহ লৈ থানাত উপস্থিত হ'ল কন্যা ।
ঘটনাটো বেংগালুৰুৰ মিকো লেআউটৰ এটা ব্যক্তিগত এপাৰ্টমেণ্টত সংঘটিত হৈছে । ৩৯ বছৰীয়া অভিযুক্ত মহিলাগৰাকী পৰিয়ালৰ সৈতে প্ৰায় ৬ বছৰ ধৰি এপাৰ্টমেণ্টটোত আছে । অভিযুক্ত মহিলাগৰাকী বিবাহিত আৰু তেওঁৰ এটা পুত্ৰ সন্তানো আছে । তেওঁলোক মূলত কলকাতাৰ বাসিন্দা । কিন্তু পিতৃৰ মৃত্যুৰ পাছত মাতৃৰ দায়িত্বও কন্যা অৰ্থাৎ অভিযুক্ত মহিলাগৰাকীৰ ওপৰত পৰিছিল ।
পাছত মহিলাগৰাকীয়ে মাতৃক লৈ বেংগালুৰুৰ এপাৰ্টমেণ্ট অৰ্থাৎ স্বামীৰ ঘৰলৈ লৈ আহে । কিন্তু জানিব পৰা মতে একেটা ঘৰতে বাস কৰা শাহুৱেকৰ সৈতে তেওঁৰ মাতৃৰ প্ৰায় প্ৰতিদিনে কাজিয়া হৈছিল । প্ৰতিদিন হৈ থকা এই কাজিয়াক লৈ ঘৰত অশান্তি পৰিৱেশৰ সৃষ্টি হৈছিল । অৱশেষত অতিষ্ঠ হৈ মহিলাগৰাকীয়ে মাতৃক শ্লীপিং টেবলেট খুৱাই দিয়ে । তাৰ পাছতে নিশা প্ৰায় ১১ বজাত মাতৃয়ে প্ৰচণ্ড পেটৰ বিষত ভুগিছিল । মহিলাগৰাকীয়ে মাতৃক ডিঙিত চেপি ধৰে আৰু অৱশেষত মাতৃৰ মৃত্যু হয় ।