নেশ্যনেল ডেস্ক, 1 অক্টোবৰ:নাৰীৰ শক্তি অপাৰ ৷ নাৰীয়ে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে ৷ পৰিয়ালৰ তেজৰ চেকুৰা লগা ইতিহাস সলনি কৰিলে এগৰাকী ব্যতিক্ৰমী মহিলাই ৷
এসময়ত বিহাৰৰ জামুইত নক্সালবাদী বালেশ্বৰ কোড়াৰ নাম লোৱাৰ লগে লগে মানুহ কঁপি উঠিছিল ৷ এই ঘটনাই সংঘটিত কৰি সমগ্ৰ অঞ্চল কঁপাই তুলিছিল ৷ বালেশ্বৰ কোড়াই বহুতো বিদ্যালয়ত বোমা বিস্ফোৰণ কৰিছিল ৷ এটা সময়ত চোৰমাৰা গাওঁখনৰ ভীমবন্ধ বনাঞ্চলৰ ভিতৰত আটাইতকৈ নক্সাল প্ৰভাৱিত গাওঁ বুলি গণ্য কৰা হৈছিল(Baleshwar Koda Daughter In Law Ranju In Jamui) ৷
কুখ্যাত নক্সালবাদী বালেশ্বৰ কোড়াৰ আতংকত গাওঁবাসীয়ে থৰথৰকৈ কঁপিছিল ৷ ২০০৭ চনত বালেশ্বৰ কোড়াই চোৰমৰা প্ৰাথমিক বিদ্যালয়লৈ উৰুৱাই দিয়ে ৷ পৰৱৰ্তী সময়ত বালেশ্বৰ কোড়াই ২০২২ চনত দুজন সহকৰ্মীৰ সৈতে জুন মাহত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল ৷
ইয়াৰ পিছতেই গাওঁখনত সলনি হৈছে পৰিৱেশ ৷ বালেশ্বৰ কোড়াৰ বোৱাৰীয়েক ৰঞ্জু দেৱীয়ে নতুন উৎসাহ উদ্দীপনাৰে পুনৰ গাওঁখনলৈ শিক্ষাৰ পোহৰ আনিবলৈ প্ৰয়াস কৰিছে ৷ তেওঁ শহুৱেকে ধ্বংস কৰা চৰকাৰী বিদ্যালয় ভৱনটো পুনৰ নিৰ্মাণ কৰে (Prathmik Vidyalaya Chormara Jamui)৷ সম্প্ৰতি ৰঞ্জুৱে শিশুসকলক পাঠদান কৰাৰ লগতে তেওঁলোকক সঠিক পথ অনুসৰণ কৰিবলৈ শিকাই ৷