নিউজ ডেস্ক, 21 নৱেম্বৰ : মৃত্যু শাশ্বত । কিন্তু তথাপিও কোনোৱে নিবিচাৰে অকাল মৃত্যু । আনহাতে, সকলোৱে বিচাৰে জীৱনৰ অন্তিম নিশ্বাসটো পৰিয়াল-পৰিজন তথা আত্মীয়-কুটুম্বৰ মাজত এৰিবলৈ । প্ৰতিগৰাকী পিতৃ-মাতৃয়ে বিচাৰে তেওঁলোকৰ সন্তান তথা পৰিয়ালৰ কাষতে শেষ নিশ্বাস ত্যাগ কৰিবলৈ ।
একেদৰে সন্তানেও বিচাৰে জীৱনৰ অন্তিম ক্ষণত তেওঁলোকৰ পিতৃ-মাতৃৰ মুখত এটুপি পানী দিবলৈ । একেদৰে বিচাৰে শেষ শ্ৰদ্ধা জনাই নিজহাতে অন্তিম সৎকাৰ কৰিবলৈ, ৰীতি-নীতি-পৰম্পৰা অনুসৰি বিদায় জনাবলৈ । কিন্তু নিজ মাতৃক অন্তিম শ্ৰদ্ধা জনাবলৈ তথা নিজে অন্তিম সৎকাৰ কৰিবলৈ নোপোৱা দুখৰ গধুৰ বোজা বহন কৰা এগৰাকী দুৰ্ভগীয়া জীয়াৰীৰ কাহিনীয়ে সকলোকে ভাব গধুৰ কৰি তুলিছে ।
কেৱল ধনৰ অভাৱত মাতৃৰ অন্তিম সৎকাৰৰ পৰা বঞ্চিত হ'বলগীয়া এগৰাকী জীয়াৰীৰ এক মৰ্মন্তুদ কাহিনী । ধন উপাৰ্জনৰ বাবে ঘৰৰ পৰা বাহিৰত থাকি মৃত্যুবৰণ কৰিবলগীয়া হোৱা মাতৃগৰাকীক শেষবাৰৰ বাবে চোৱাৰো সামৰ্থ্য নাছিল নিজৰ জীয়াৰীৰ । মাতৃক ঘৰলৈ আনি যথাবিহিত অন্তিম সৎকাৰ কৰা বা নিজে মৃত্যুস্থানলৈ গৈ তাত ভাগ লোৱাৰ জোখাৰেও ধন নাছিল দুৰ্ভগীয়া জীয়ৰীগৰাকীৰ । যাৰ বাবে তেওঁ ভিডিঅ' কলিঙৰ জৰিয়তেই অন্তিম শ্ৰদ্ধা জনাবলগা হয় নিজমাতৃক ।
আলিগড়ত শ্ৰমিক হিচাপে কাম কৰি টকা উপাৰ্জন কৰিবলৈ যোৱা পশ্চিমবংগৰ এগৰাকী মহিলাক তেওঁৰ অসুস্থতাৰ বাবে জে এন চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় (JN Medical College Hospital Aligarh) । কিন্তু চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকীৰ তাত মৃত্যু হয় । একে সময়তে, মৃতকৰ জীয়াৰীয়ে ধনৰ অভাৱৰ বাবে ঘটনাস্থলীত উপস্থিত হ'ব পৰা নাছিল ।
সেয়ে উপায় নাপাই আৰক্ষীয়ে মৃতদেহটো শেষকৃত্যৰ বাবে মানৱ উপকাৰ সংস্থাক গতাই দিয়ে (Human Benefits organisation) । সংগঠনটোৱে কেৱল মৃতদেহটো সৎকাৰ কৰাই নহয়, তেওঁৰ জীয়াৰীক মোবাইল ফোনত ভিডিঅ' কলিঙৰ জৰিয়তে শেষকৃত্য অনুষ্ঠান প্ৰদৰ্শন কৰায় । মাকৰ শেষকৃত্য অনুষ্ঠানটো চাই তেওঁৰ জীয়াৰীয়ে কান্দিবলৈ আৰম্ভ কৰে (saw last rights of mother by video calling) ।