অসম

assam

ETV Bharat / bharat

মহাশিৱৰাত্ৰি উপলক্ষে ঘোষণা কৰা হ'ব কেদাৰনাথ মন্দিৰ খোলাৰ তাৰিখ - মহাশিৱৰাত্ৰি উপলক্ষে ঘোষণা কৰা হ'ব কেদাৰনাথ ধাম খোলাৰ তাৰিখ

দেৱাদিদেৱ মহাদেৱৰ উপাসনাত ব্যস্ত সকলো ভক্ত । ইয়াৰ মাজতেই কেদাৰনাথৰ দুৱাৰ কেতিয়া খোলা হৱ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা (Kedarnath Shrine opening date) । ভগৱান কেদাৰৰ শীতকালীন বাসস্থান ওমকাৰেশ্বৰ মন্দিৰ সজোৱা হৈছে ৮ কুইন্টল ফুলেৰে।

Kedarnath Shrine opening date
মহাশিৱৰাত্ৰি উপলক্ষে ঘোষণা কৰা হ'ব কেদাৰনাথ মন্দিৰ খোলাৰ তাৰিখ

By

Published : Mar 1, 2022, 7:13 PM IST

নেশ্যনেল ডেস্ক,১ মাৰ্চ:মহাশিৱৰাত্ৰি উৎসৱ উপলক্ষে, কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হ'ব । সমান্তৰালভাৱে, ভগৱান কেদাৰৰ শীতকালীন বাসস্থান ওমকাৰেশ্বৰ মন্দিৰটো (Omkareshwar temple) 8 কুইন্টল ফুলেৰে সজ্জিত কৰা হৈছে ।

১ মাৰ্চত দেশৰ ১২ জন জ্যোতিৰ্লিংগৰ মাজত মহাশিৱৰাত্ৰি উৎসৱত কেদাৰনাথৰ মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ তাৰিখ ঘোষণা কৰা হ'ব । ইয়াৰ লগতে ধৰ্মীয় শোভাযাত্ৰা 'পঞ্চমুখী চল বিগ্ৰহৰ উৎসৱ' (Panchmukhi Chal Vigrah Utsav)ৰ তাৰিখো ঘোষণা কৰা হ'ব । 'পঞ্চমুখী চল বিগ্ৰহৰ উৎসৱ'ৰ তাৰিখ ঘোষণাৰ পিছতেই ধৰ্মীয় শোভাযাত্ৰা উখিমথৰ পৰা কৈলাশলৈ আৰম্ভ হ'ব । ইয়াৰ বাবে ওমকাৰেশ্বৰ মন্দিৰৰ কৰ্মকৰ্তা আৰু পুৰোহিতসকলে প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে এটি শুভ দিন বিচৰা আৰম্ভ কৰিছে ।

মুখ্য পুৰোহিত বাগেশ লিঙ্গাই প্ৰকাশ কৰা অনুসৰি "মহাশিৱৰাত্ৰি উৎসৱ উপলক্ষে কেলেণ্ডাৰত তাৰিখ বিচাৰি উলিওৱাৰ প্ৰস্তুতি চলি আছে যাতে ভক্তসকলৰ বাবে কেদাৰনাথ মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয়।"ভক্তসকলক সামাজিক দূৰত্ব বজাই ৰখাৰ কোভিড নিৰ্দেশনা অনুসৰি ভগৱান শিৱক প্ৰণাম কৰিবলৈ অনুমতি দিয়া হ'ব বুলিও জনাই পুৰোহিতগৰাকীয়ে ।

লগতে পঢ়ক :পুনৰ ছমাহলৈ অসমক 'অশান্ত অঞ্চল' ঘোষণা

ABOUT THE AUTHOR

...view details