অসম

assam

ETV Bharat / bharat

Happy Kiss Day 2023: মৰম প্ৰকাশৰ আটাইতকৈ ভাল লগা উপায় ‘চুমা’ - কেতিয়া উদযাপন কৰা হয় কিছ ডে

প্ৰতি বছৰে ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ চলি থাকে ভেলেণ্টাইন উইক, য’ত ৰোজ ডে’, প্ৰপ’জ ডে’, চকলেট ডে’, টেডি ডে’, প্ৰমিজ ডে’, হাগ ডে’, কিছ ডে’ আৰু তাৰ পিছত ভেলেণ্টাইন ডে’ আহে । আজি হৈছে কিছ ডে' জানক কিয় উদযাপন কৰা হয় এই বিশেষ দিনটো তথা ভেলেন্টাইন ডে'ৰ সৈতে ইয়াৰ সম্পৰ্ক কি ?

Date Importance and History Of Kiss Day and why it Celebrate On 13 February
মৰম প্ৰকাশৰ আটাইতকৈ ভাল লগা উপায় ‘চুমা’, বিশেষ দিনটোত প্ৰিয়জনৰ কপালত আঁকি দিয়ক এটি মিঠা চুমা

By

Published : Feb 13, 2023, 1:00 AM IST

Updated : Feb 13, 2023, 7:26 AM IST

প্ৰেমত পৰাসকলৰ বাবে ফেব্ৰুৱাৰী মাহত এনে বহু দিন বা অনুষ্ঠান আছে, য’ত তেওঁলোকে দুয়োৰে প্ৰতি নিজৰ অনুভৱ, লুকাই থকা অনুভৱ আৰু মৰম প্ৰকাশ কৰে । ভেলেণ্টাইন উইকত সমগ্ৰ বিশ্বৰ পৰা প্ৰেমময় দম্পতীয়ে নিজৰ প্ৰেম প্ৰকাশ কৰে, ইজনে সিজনক প্ৰশংসা কৰে আৰু লগতে বহু ধৰণৰ উপহাৰ যেনে গোলাপ ফুল, চকলেট, কোমল খেলনা, গহনা আদিও দিয়ে(Happy Kiss Day 2023)। প্ৰতি বছৰে ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ চলি থাকে এই ধাৰাবাহিক ভেলেণ্টাইন উইক, য’ত ৰোজ ডে, প্ৰপ’জ ডে, চকলেট ডে, টেডি ডে, প্ৰমিজ ডে, হাগ ডে, কিছ ডে আৰু তাৰ পিছত আহে ভেলেণ্টাইন ডে(Happy Kiss Day quotes)। এই আটাইকেইদিন প্ৰতিটো প্ৰেমিক-প্ৰেমিকাই আগ্ৰহেৰে অপেক্ষা কৰি থাকে কিছ ডে’লৈ(valentines day 2023)। কোন তাৰিখে কিছ ডে' হয় আৰু কিয় এই দিনটো উদযাপন কৰা হয় জানি লওক(Happy Kiss Day 2023)।

কেতিয়া উদযাপন কৰা হয় কিছ ডে’?

১৩ ফেব্ৰুৱাৰীত কিছ ডে’ উদযাপন কৰা হয় । এই দিনটোত প্ৰেমময় দম্পতীয়ে ইজনে সিজনক মৰমেৰে চুমা খায় । যিসকলৰ প্ৰস্তাৱ প্ৰপ’জ ডে’ত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছে তেওঁলোকৰ বাবে কিছ ডে’ অতি গুৰুত্বপূৰ্ণ আৰু এইখিনি সময় প্ৰেমিক-প্ৰেমিকাসকল অতি ৰোমান্টিক হৈ পৰে(Know the history of Kiss Day)। প্ৰেম প্ৰকাশ কৰিবলৈ সংগীৰ হাত, কপাল, গাল বা ওঁঠত চুমা খাই আপোনাৰ প্ৰেম প্ৰকাশ কৰিব পাৰে(Kiss day significance)। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কৰ মাজত গভীৰ সংযোগৰ সৃষ্টি হয়(When and why is Kiss Day celebrated)।

কিছ ডে’ৰ ইতিহাস

কোৱা হয় যে ষষ্ঠ শতিকাত ফ্ৰান্সত দম্পতীয়ে ইজনে সিজনৰ সৈতে নাচি প্ৰেম প্ৰকাশ কৰিছিল আৰু নৃত্য শেষ হোৱাৰ লগে লগে ইজনে সিজনক চুমা খাইছিল(History of Kiss Day) । একে সময়তে ৰাছিয়াত আৰম্ভ হৈছিল বিবাহৰ সময়ত চুমা খোৱাৰ পৰম্পৰা(valentines day 2023 Week)। একেদৰে চুমা খাই নিজৰ অনুভৱ প্ৰকাশ কৰাৰ প্ৰক্ৰিয়া সমগ্ৰ বিশ্বতে আৰম্ভ হ’ল(Happy Kiss Day 2023)।

কিছ ডে’ কিয় উদযাপন কৰা হয় ?

প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত প্ৰেমময় দম্পতীয়ে কিছ ডে’ হিচাপে উদযাপন কৰে । কোৱা হয় যে চুমা খালে ভালপোৱা দম্পতীৰ মাজত প্ৰেম বাঢ়ি যায় । আমাৰ সকলোৰে জীৱনত চুমা খুবেই গুৰুত্বপূৰ্ণ(why we celebrate Kiss Day)। এইটো এনেকুৱা পদ্ধতি, যাৰ বাবে দূৰত্ব আৰু দুখ কমি যায় । যদি কোনো ব্যক্তি দুখী বা অশান্তিগ্ৰস্ত হয়, তেন্তে কপালত চুমা খালে তেওঁৰ দুখ কমাব পাৰি(valentines day 2023)। চুমা খালে ভালপোৱা প্ৰকাশ কৰিব পাৰি ।

লগতে পঢ়ক:Eggs & Diabetes: ডায়েবেটিছত কণী খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী নে ক্ষতিকাৰক ?

Last Updated : Feb 13, 2023, 7:26 AM IST

ABOUT THE AUTHOR

...view details