নিউজ ডেস্ক, 26 ডিচেম্বৰ: টুইটাৰত এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ ডাটা লিকৰ খবৰ পোহৰলৈ আহিছে । ডাৰ্ক ৱেবত টুইটাৰ ব্যৱহাৰকাৰীৰ ডাটা বিক্ৰী কৰিছে হেকাৰে । ডাৰ্ক ৱেবত ৪০ কোটি টুইটাৰ ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য বিক্ৰী কৰি আছে হেকাৰে(Data leak of 400 million users on Twitter) । টুইটাৰ চলোৱা আৰু নিয়ম সলনি কৰাক লৈ সমালোচনাৰ পিছত ডাটা লিকৰ এই বিষয়টিয়ে হয়তো ইলন মাস্কক বিপদত পেলাব পাৰে । ইয়াৰ পূৰ্বেও কোটি কোটি টুইটাৰ ব্যৱহাৰকাৰীৰ তথ্য ফাদিলৰ গোচৰ চৰ্চালৈ আহিছিল ।
৪০ কোটি ব্যৱহাৰকাৰীৰ তথ্য ফাদিল হোৱাৰ পূৰ্বে ৫৪ লাখৰো অধিক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য ফাদিল হোৱা বুলি দাবী কৰা হৈছিল । এই তথ্য ফাদিল হোৱাটো নৱেম্বৰৰ শেষৰ ফালে ধৰা পৰিছিল । আয়াৰলেণ্ডৰ ডাটা প্ৰটেকচন কমিছনে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । একে সময়তে ৪০ কোটি টুইটাৰ ব্যৱহাৰকাৰীৰ তথ্য ফাদিল কৰা হেকাৰে এই তথ্য প্ৰকৃত বুলি প্ৰমাণ কৰিবলৈ হেকাৰ ৱেবছাইটত ফাদিল হোৱা তথ্যৰ নমুনা প্ৰকাশ কৰিছে ।
ছলমান খান, সুন্দৰ পিচাইৰ একাউণ্ট হেক
হেকাৰে টুইটাৰ ব্যৱহাৰকাৰীৰ email, name, followers, creation date and contact numberৰ দৰে তথ্য চুৰি কৰিছে । এই সকলোবোৰ কথা হেকাৰে মুকলি কৰা নমুনা তথ্যত অন্তৰ্ভুক্ত কৰা হয় । আচৰিত কথাটো হ’ল যে হেকাৰৰ নমুনা তথ্যত একাংশ সুপৰিচিত ব্যৱহাৰকাৰীৰ একাউণ্টৰ সবিশেষো অন্তৰ্ভুক্ত আছে । ইয়াৰ ভিতৰত আছে বলীউডৰ অভিনেতা ছলমান খান, গুগলৰ চিইঅ’ সুন্দৰ পিচাই আৰু ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ টুইটাৰ ডাটা(Salman Khan Sundar Pichais Twitter account hacked)। এলন গালে দাবী কৰিছে যে, এই টুইটাৰ ব্যৱহাৰকাৰীসকলৰ তথ্য লিকডইনৰ এটা পোষ্টত ফাদিল হৈছে ।
ইজৰাইলৰ বিশেষজ্ঞই ইয়াৰ কাৰণ জনায়