নেশ্য়নেল ডেস্ক, ২৬ছেপ্টেম্বৰ:ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে মহীশূৰত দশেৰা উৎসৱৰ শুভ উদ্বোধন(President inaugurates Dasarain Mysuru) কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে চামুণ্ডী পাহাৰৰ সমীপত অৱস্থিত মন্দিৰত দেৱতা চামুণ্ডেশ্বৰীৰ মূৰ্তিত (idol of Goddess Chamundeshwari) পুস্পাঞ্জলী আগবঢ়ায় । ৰাষ্ট্ৰপতি মুৰ্মৱে (President Droupadi Murmu) উদ্বোধন কৰা উক্ত দশেৰা উৎসৱত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই আৰু অন্যান্য মন্ত্ৰীসকল উপস্থিত থাকে ।
চিটি পেলেচত ১০ দিনীয়াকৈ এই দশেৰা উৎসৱ আৰম্ভ হৈছে । এই উপলক্ষে আয়োজিত নৱৰাত্ৰি উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । উল্লেখ্য় যে মহীশূৰ চিটি পেলেচত দশেৰা উদযাপন ১৬১০ চনত আৰম্ভ হৈছিল । এই উৎসৱক 'নাডা হাব্বা' বা ৰাজ্যিক উৎসৱ বুলিও জনা যায় । যোৱা দুবছৰ ধৰি চিটি পেলেছৰ দশেৰা ক'ভিড-১৯ মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছিল ।