নেশ্যনেল ডেস্ক, 19 জুলাই : অৱশেষত জামিয়া মিলিয়া বিশ্বিদ্যালয়ৰ কবৰস্থানত কবৰস্থ কৰা হ’ল পুলিৎজাৰ বঁটাপ্ৰাপ্ত ফটো সাংবাদিক ডানিছ ছিদ্দিকীক ৷ সাংবাদিকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ভিৰ কৰিলেহি অসংখ্য গুণমুগ্ধই ৷ দেওবাৰে সন্ধিয়া দিল্লী বিমানবন্দৰত উপস্থিত হয় সাংবাদিকগৰাকীৰ নশ্বৰ দেহ ৷ বিমানবন্দৰৰ পৰা মৃতদেহটো দিল্লীৰ জামিয়া নগৰস্থিত তেখেতৰ বাসগৃহলৈ অনা হয় ৷
সাংবাদিকগৰাকীৰ বাসগৃহত উপস্থিত জনতাক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লোক মোতায়ন কৰা হয় ৷ আৰক্ষীয়ে লোকসকলক সামাজিত দূৰত্ব মানি চলিবলৈ অনুৰোধ জনায় ৷ দেওবাৰে নিশা প্ৰায় 10.15 বজাত কবৰস্থানলৈ নিয়া হয় সাংবাদিকগৰাকীৰ নশ্বৰ দেহ ৷ ছিদ্দিকীৰ বন্ধুসকলেও তেখেতৰ সৈতে হোৱা অন্তিমটো বাৰ্তালাপ মত পেলায় লগতে তেওঁলোকক আফগানিস্তানৰ পৰা অহি পুনৰ দেখা কৰাৰ প্ৰতিশ্ৰুতিও মনত পেলায় ৷
কিছু সংখ্যক লোকে ডানিছক নিজৰ বাল্যবন্ধু হিচাপে মনত পেলায়, কিছু সংখ্যকে নিজৰ পথ প্ৰদৰ্শক হিচাপে ৷ কিন্তু সকলোৱে এটা কথাই কয় যে, ডানিছ এগৰাকী সাধাৰণ ব্যক্তি আছিল যাৰ ফটোগ্ৰাফীৰ প্ৰতি নিচা আছিল ৷
ছিদ্দিকীৰ এগৰাকী বন্ধু বিলাল জাইদীয়ে কয়, "মই তেওঁক ক’ভিডৰ পূৰ্বে লগ পাইছিলো কাৰণ তেওঁ সকলো সময়তেই ফিল্ডতে ব্যস্ত আছিল ৷ যোৱা মাহত ইয়াত থকা সময়ত মই তেওঁক লগ পাইছিলো ৷" জাইদীয়ে লগতে কয়, ‘ডানিছ এগৰাকী লাজকুৰীয়া ব্যক্তি আছিল আৰু সেইকাৰণে যেতিয়া তেওঁ টিভি সাংবাদিক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আমি ভাবিছিলো তেওঁ ভুল কেৰিয়াৰ বাছি লৈছে ৷ তেওঁ ফিল্ডত থকা সময়ত নিজৰ সৈতে কেমেৰাটো কঢ়িয়াই ফুৰিছিল ৷ তেওঁ ফটো তুলি ভাল পাইছিল আৰু ফটোগ্ৰাফী তেওঁৰ নিচা আছিল ৷ তেওঁ ইয়াৰ বাবে পুলিৎজাৰ বঁটাও লাভ কৰিছে ৷’