অসম

assam

ETV Bharat / bharat

Bidhuri remarks row: বিশেষাধিকাৰ সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে বিজেপি সাংসদ ৰমেশ বিধুৰীৰ বিৰুদ্ধে ? - লোকসভাৰ অধ্যক্ষ ওম বিৰলা

বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে সংসদত বহুজন সমাজ পাৰ্টীৰ সাংসদ ডানিশ আলীক কৰা দুৰ্ব্যহাৰৰ বিষয়টো প্ৰেৰণ কৰা হৈছে বিশেষাধিকাৰ সমিতিলৈ ৷ বৃহস্পতিবাৰে X ত এক পোষ্টযোগে বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে জনায় এই কথা ৷

Bidhuri remarks row
বিজেপি সাংসদ ৰমেশ বিধুৰীৰ বিৰুদ্ধে

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:38 AM IST

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ:বহুজন সমাজ পাৰ্টীৰ সাংসদ ডানিশ আলীক বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে সংসদত "সন্ত্রাসবাদী" আখ্যা দিয়াৰ বিষয়টো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰিছে । 21 ছেপ্টেম্বৰত গেৰুৱা দলৰ দক্ষিণ দিল্লীৰ সাংসদ বিধুৰীয়ে লোকসভাত ডানিছক দুৰ্ব্যহাৰ কৰা পৰিলক্ষিত হৈছিল । বহুজন সমাজ পাৰ্টীৰ সাংসদগৰাকীক বিভিন্ন সাম্প্ৰদায়িক মন্তব্যৰে সদনৰ মজিয়াত দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছিল । বিষয়টো ৰাষ্ট্ৰ হোৱাৰ পিচতেই বহুতেই বিষয়টোক বিভিন্ন প্ৰকাৰে সমালোচনা আগবঢ়োৱা পৰিলক্ষিত হৈছিল ৷

বিৰোধীয়ে এই অপমানজনক মন্তব্যৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাৰ লগতে বিধুৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অধ্যক্ষক সমালোচনা কৰিছিল । বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে বৃহস্পতিবাৰে X ত এক পোষ্টযোগে এই বিষয়টো বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰা বুলি ঘোষণা কৰে । 14 জনীয়া কমিটীত আছে বিজেপি দলৰ 8 গৰাকী সদস্য । ৰমেশ বিধুৰীক বহুজন সমাজ পাৰ্টীৰ সাংসদ ডানিশ আলী উচটনি দিয়া তথা মোদী বিৰোধী বক্তব্যৰে প্ৰৰোচিত কৰা বুলি বিজেপিয়ে অনা সকলো অভিযোগকে অভিযোগ কমিটীয়ে পৰীক্ষা কৰিব ।

ডুবেই পোষ্টযোগে কয়, "লোকসভাৰ অধ্যক্ষ @ombirlakota ৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ ডানিছ আলী গোচৰৰ তদন্তৰ দায়িত্ব @LokSabhaSectt ৰ কমিটীক অৰ্পণ কৰিলে । এইটো সম্ভৱ হ'ল কাৰণ লোকসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে, অন্যথা কোনো কমিটী গঠন অথবা ব্যৱস্থা গ্ৰহণ কৰা নহ'লহেঁতেন ।"

ইয়াৰ লগতে বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ ডুবেই কয়, লোকসভাত, আৰজেডি-জেডিইউ- কংগ্ৰেছৰ জোতা আৰু মাইকৰ যুঁজ 2016 চনত ঘটিছিল, 2012 চনত ছোনিয়া গান্ধীয়ে কৰা আক্ৰমণ আৰু 2014 চনত তেলেংগানা ৰাজ্য গঠনৰ সময়ত মুষ্টি যুঁজ হৈছিল, যেতিয়া বহু সাংসদ আহত হৈছিল ।

লগতে পঢ়ক:Supreme Court: ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত 75 বছৰীয়া বৃদ্ধক 40 বছৰৰ পাছত জামিন প্ৰদান

ABOUT THE AUTHOR

...view details