নেশ্যনেল ডেস্ক,২৩ জুলাই :দলিতৰ ওপৰত অত্যাচাৰৰ আন এক জঘন্য ঘটনা সংঘটিত হৈছে ! এইবাৰৰ ঘটনাৰ স্থান মধ্য প্ৰদেশ ছত্ৰপুৰ জিলা । জিলাখনৰ এগৰাকী দলিতলোকে অভিযোগ কৰিছে যে দুৰ্ঘটনাক্ৰমে গ্ৰীজ লাগি থকা হাতখনেৰে তেওঁ আন জাতিৰ এগৰাকী লোকক স্পৰ্শ কৰিছিল । তাৰ পাচতে লোকজনে তেওঁৰ মুখ আৰু শৰীৰত মানুহৰ মল-মূত্ৰ সানি দিয়ে । এই অভিযোগৰ ভিত্তিত ইতিমধ্যে অভিযুক্তজনক আৰক্ষীয়ে আটক কৰিছে । শেহতীয়াকৈ, মধ্য প্ৰদেশৰে চিধি জিলাত এগৰাকী জনজাতীয় যুৱকৰ গাত এজন ব্যক্তিয়ে প্ৰস্ৰাৱ কৰাৰ ঘটনা সামাজিক মাধ্যমত পোহৰলৈ আহিছিল ।
এগৰাকী আৰক্ষী বিষয়াই শনিবাৰে সন্ধিয়া জনোৱা মতে ছত্ৰপুৰৰ ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত অ'বিচি সম্প্ৰদায়ৰ অভিযুক্ত ৰামকৃপাল পেটেলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।
ভুক্তভোগী দলিত সমাজৰ লোকজনে শনিবাৰে আৰক্ষীৰ কাষ চাপিছিল । তেওঁ দাবী কৰিছিল যে শুকুৰবাৰে ছত্ৰপুৰ জিলাৰ সদৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰৈত থা বিকৌৰা গাঁৱৰ পঞ্চায়তৰ বাবে নলা নিৰ্মাণত তেওঁ নিয়োজিত হৈ আছিল । সেই সময়তে এই ঘটনা সংঘটিত হৈছিল ।
তেওঁ কয় যে অভিযুক্ত ৰামকৃপাল পেটেলে সমীপৰ হেণ্ড পাম্পত গা ধুই আছিল । সেই সময়তে ভুক্তভোগী দলিত লোকজনে ভুলবশতঃ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰি থকা গ্ৰীজেৰে পেটেলক স্পৰ্শ কৰিছিল । তাৰ পাচতে পেটেলে গা ধোৱাৰ বাবে ব্যৱহাৰ কৰি থকা এটা মগত ওচৰতে পৰি থকা মানুহৰ মল আনিছিল আৰু দলিত লোকজনৰ মুখত আৰু শৰীৰত সানি দিছিল । তেওঁ লগতে দাবী কৰিছে যে পেটেলে তেওঁক জাতিৰ নামত দুৰ্ব্যৱহাৰো কৰিছে ।