নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: দেশত প্ৰতিদিনে হত্যা, ধৰ্ষণ আদিৰ দৰে জঘন্য ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে পুনৰ তেনে এক জঘন্য ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশত । ৰাজ্যখনৰ মিৰাটত দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী দলিত সম্প্ৰদায়ৰ ছাত্ৰীক দলবব্ধভাৱে ধৰ্ষণ কৰে গাঁৱৰে কেইজন নৰপিশাচে । ধৰ্ষণ কৰাৰ উপৰিও নৰিশাচ কেইজনে ছাত্ৰীগৰাকীক বলপূৰ্বকভাৱে বিষ খোৱাই হত্যা কৰে ।
ঘটনা অনুসৰি, উত্তৰ প্ৰদেশৰ মিৰাটৰ চাৰধানা অঞ্চলৰ কাপচাদ গাঁৱৰ দশম শ্ৰেণীত অধ্যয়নৰত দলিত সম্প্ৰদায়ৰ ছাত্ৰীগৰাকী টিউচনলৈ গৈ থকাৰ সময়তে গাঁৱৰে কেইজন নৰপিশাচে দলবব্ধভাৱে ধৰ্ষণ কৰে । ইমানেই নহয় ধৰ্ষণ কৰি উঠি ছাত্ৰীগৰাকীক বিষপান কৰোৱায় ।