নেশ্যনেল ডেস্ক,27 এপ্ৰিল: তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাই মঙলবাৰে সৰ্বভাৰতীয় ভাতৃ-ভগ্নীসকলক একগোট হৈ থকাৰ স্বাৰ্থত এক প্ৰতীক হিচাপে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অৱদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ তিব্বতীয় আধ্যাত্মিক গুৰু গৰাকীয়ে দিয়া এক বিবৃতিত কয় যে, ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে ক’ভিড মহামাৰীয়ে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷
ক’ভিড 19 সংগ্ৰাম: ভাৰতলৈ সহায়ৰ হাত দালাই লামাৰ - ক’ভিড 19 সংগ্ৰাম: ভাৰতলৈ সহায় দালাই লামাৰ
তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাই মঙলবাৰে সৰ্বভাৰতীয় ভাতৃ-ভগ্নীসকলক একগোট হৈ থকাৰ স্বাৰ্থত এক প্ৰতীক হিচাপে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অৱদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷
মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজত দালাই লামাৰ আৰ্থিক অৱদান
বিশ্বত উদ্ৰেগজনকভাৱে বৃদ্ধি পাইছে মহামাৰী কাল কৰ’ণাৰ সন্ত্ৰাস ৷ এই বিধ্বংসী মহামাৰীৰ সৈতে যুঁজ দিবলৈ সকলো জন-সাধাৰণকে সাহস আৰু শক্তি দিয়াৰ লগতে বিশ্বৰ পৰা যাতে সোনকালে মহামাৰী নিঃশেষ হৈ যায়, তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে বৌদ্ধ ধৰ্মৰ ধৰ্মগুৰু গৰাকীয়ে ৷