নেশ্য়নেল ডেস্ক, ১০ এপ্ৰিল: বৌদ্ধ ধৰ্মগুৰু দালাই লামাই এটি শিশুৰ ওঁঠত চুমা খাই "জিভা চুপিবলৈ" কোৱা এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ এই ঘটনাৰ এদিন পিচতে ধৰ্মগুৰুগৰাকীয়ে শিশুটিৰ লগতে তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছে (viral video of Dalai Lama on social media) । ইপিনে, ধৰ্মগুৰুগৰাকীৰ শিষ্য়সকলে কয় যে, দালাই লামাই প্ৰায়ে তেওঁ লগ পোৱা লোকসকলক নিষ্পাপ আৰু শিশুসুলভভাৱে ব্য়ৱহাৰ কৰে ।
তেওঁৰ টুইটাৰ হেণ্ডেল আৰু ফেচবুকত ক্ষমা বিচাৰি বৌদ্ধ ভিক্ষুগৰাকীয়ে কয়, "এটা ভিডিঅ' ক্লিপ প্ৰচাৰিত হৈছে য'ত শেহতীয়াকৈ লগ পোৱা এটি শিশুৱে দালাই লামাক সুধিছিল যে তেওঁ তেওঁক আলিংগন কৰিব পাৰিবনে (Dalai Lama apologise on kissing incident)? " ইপিনে, তেওঁ শিশুটি আৰু তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ বিশ্বৰ বন্ধুবৰ্গৰ ওচৰত ক্ষমা খুজিব বিচাৰিছে । কিয়নো তেওঁৰ কথাই আঘাত কৰিব পাৰে ।’’ প্ৰায়ে তেওঁ লগ পোৱা লোকসকলক ৰাজহুৱাভাৱে আৰু কেমেৰাৰ আগতেই নিষ্পাপ আৰু শিশুসুলভভাৱে আঁকোৱালি লয় । তেওঁ ঘটনাটোৰ বাবে দুঃখিত বুলি এক চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে ।
বৌদ্ধ ধৰ্মগুৰু দালাই লামা টুইটাৰ ব্যৱহাৰকাৰীসকলে ইয়াক "ঘৃণনীয়" আৰু "অশোভনীয়" বুলি গৰিহণা দিছে । টুইটাৰ ব্যৱহাৰকাৰীসকলে কয় যে, এই ঘটনাই ভাৰতত বিতৰ্কৰ সৃষ্টি কৰিছে । কিয়নো ওঁঠত চুমা খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয় (Kissing controversy of Dalai Lama)। যদিও শিশুসকলক গালত চুমা খোৱাটো গ্ৰহণযোগ্য বুলি গণ্য কৰা হয় তথাপি ওঁঠত চুমা খোৱাটো গ্ৰহণযোগ্য নহয় । বিশেষকৈ যেতিয়া ইয়াত এজন নাবালক এই কাৰ্যত জড়িত থাকে । সেইবাবে এই ভিডিঅ'টোৱে ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
এজন শুভকাংক্ষীয়ে ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰি কয় যে, দালাই লামা এগৰাকী অত্যন্ত সন্মানীয় ধৰ্মীয় ব্যক্তি, যিগৰাকীক সমগ্ৰ বিশ্বৰ বৌদ্ধসকলে শ্ৰদ্ধা কৰে । অৱশ্যে এই ঘটনাই তেওঁৰ যশস্য়াত আঘাত হানিছে । তেওঁৰ উপযুক্ত আচৰণৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে, বিশেষকৈ যেতিয়া ইয়াত শিশু জড়িত থাকে । কিছুমান লোকে তেওঁক তেওঁৰ পদৰ পৰা আঁতৰি যাবলৈ আহ্বান জনাইছে । আনহাতে, আন কিছুমানে ঘটনাটো নিৰ্দোষ আৰু কৌতুকপূৰ্ণ বুলি যুক্তি আগবঢ়াই তেওঁক সমৰ্থন কৰিছে ।
লগতে পঢ়ক:Amit Shah to visit Arunachal : দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অৰুণাচললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ