মেষ ৰাশি:দিনটো বিশেষ এটা ভাল নহয় । আপোনাৰ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই আপোনাক বিষণ্ণ কৰি ৰাখিব । অনাৱশ্যক ব্যয়বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । নিজৰ সঞ্চিত অৰ্থ আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব লাগিব । আপুনি দানধৰ্ম কৰিলে অসুবিধাত পৰিব পাৰে, গতিকে সাৱধানে থাকক । আদান প্ৰদান সম্বন্ধীয় কোনো কামত আপুনি অত্যন্ত সতৰ্ক থাকিব লাগিব । আজি আপুনি আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ’ব পাৰে । সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটো আপোনাৰ বাবে অলপ কঠিন হ’ব, যাৰ ফলত গোটেই দিনটো আপোনাৰ মনত বিভিন্ন ধৰণৰ বিভ্ৰান্তি থাকিব ।
বৃষ ৰাশি: আজিৰ দিনটোৰ সৰহ ভাগ সময় আপুনি আনন্দত থাকিব । লক্ষ্মীদেৱীৰ কৃপালাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়ৰ উন্নতি হ’ব । বন্ধু আৰু প্ৰিয়জনসকলে আন্তৰিকতাৰ পৰিৱেশ সৃষ্টি কৰিব । নতুন মানুহৰ সৈতে চিনাকী আৰু বন্ধুত্বই আপোনাৰ ব্যৱসায় বা কৰ্মক্ষেত্ৰৰ বাবে লাভদায়ক হ’ব । সৰু-সুৰা ভ্ৰমণত গ’লে বহুত আনন্দ পাব । এক কথাত ক’ব গ’লে আজিৰ দিনটো আপুনি সকলো ক্ষেত্ৰত আনন্দ লাভ কৰিব ।
মিথুন ৰাশি:আজি আপুনি মানসিকভাৱে আৰামত থাকিব আৰু শাৰীৰিকভাৱে সুস্থ থাকিব । কৰ্মক্ষেত্ৰতো আপোনাৰ উদ্যম বৃদ্ধি পাব, কিয়নো আপুনি নিজৰ কামৰ বাবে প্ৰশংসিত হ’ব । আপোনাৰ সহকৰ্মীসকলেও আপোনাক সাহায্য কৰিব। সামাজিক দিশত আপোনাৰ সন্মান বৃদ্ধি পাব । ব্যক্তিগতভাৱে আপুনি আজিৰ দিনটো আনন্দৰে সৈতে পৰিয়ালৰ সৈতে কটাব । পদোন্নতিৰ যোগ আছে। চৰকাৰ বা চৰকাৰী কৰ্মীৰ সৈতে কাম কৰিলে সফল হ’ব ।
কৰ্কট ৰাশি: আজিৰ দিনটো ধৰ্মীয় কৰ্মকাণ্ডৰ কাৰণে ভাল। মন্দিৰ দৰ্শনত গ’লে মনোবল বৃদ্ধি পাব আৰু মন ভাল লাগিব। পৰিয়ালৰ লোকৰ সৈতে সময় কটাব পাৰিলে প্ৰচুৰ আনন্দ আৰু পৰিতৃপ্তি পাব । আজি গোটেই দিনটো আপুনি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব । ভাল কিবা পৰিৱৰ্তনৰ প্ৰবল সম্ভাৱনা আছে ।
সিংহ ৰাশি:আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগিব । দৰৱ কিনাৰ নামত খৰচ হ’ব পাৰে । ৰাতি বাহিৰত খাবলৈ নোলাব । আজি গোটেই দিনটো আপোনাক কিছু নেতিবাচক চিন্তাই আমনি দি থাকিব । এইবোৰৰপৰা দূৰত থাকক । এইবোৰ সমস্যা ৰপৰা উদ্ধাৰ পাবলৈ ধ্যান কৰক আধ্যাত্মিক চিন্তা কৰক। মানসিক শান্তি পাব ।
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । আজি আপুনি ক’ব গ’লে সহজতে নাম আৰু যশ অৰ্জন কৰিব । ব্যৱসায়ীসকলৰ সৈতে তেওঁলোকৰ অংশীদাৰসকলৰ ইতিবাচক মনোভাৱ অটুট থাকিব । নতুন পোছাক ক্ৰয় কৰি আপুনি আনন্দ পাব । বন্ধুসকলৰ সৈতে সুখকৰ ভ্ৰমণৰ যোগ আছে ।