মেষ ৰাশি: দিনটো ভাগৰুৱা, এলেহুৱা আৰু অস্থিৰতা অনুভৱ কৰিব ৷ কোনো কাম কৰাৰ ইচ্ছা নাযাব ৷ মনলৈ বিৰক্তি ভাৱ আহিব পাৰে ৷ তাক লৈ সাৱধান হ’ব ৷ সৰুসুৰা কথাত মুৰ গৰম নকৰিব ৷ ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, কাকো আঘাত দি কথা নক’ব ৷ ধৰ্মীয় ৰীতি-নীতিত অংশগ্ৰহণ কৰিব পাৰে ৷
বৃষ ৰাশি: স্বাস্থ্য বাবে বৰ ভালে নাযাব ৷ শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰতা অনুভৱ কৰিব ৷ নতুন প্ৰকল্প বা উদ্যোগ আৰম্ভ কৰাৰ দিনটো ভাল নহয় ৷ ভোজনক লৈ সতৰ্ক থাকক ৷ অস্বাস্থ্যকৰ খাদ্য খালে অৱস্থা বেয়া হ’ব পাৰে ৷ ভ্ৰমণ এৰাই চলক ৷ সকলো কথাক সহজভাৱে লওক ৷ ধ্যান কৰিলে ভাল পাব ৷
মিথুন ৰাশি: দিনটো আনন্দ-ফুৰ্তিৰে কটাই দিব ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে উলহ-মালহ আনন্দ আৰু ফুৰ্তিৰে দিনটো পাৰ কৰি দিব ৷ সামাজিক সন্মান আৰু স্বীকৃতি লাভ কৰিব পাৰে ৷ দাম্পত্য জীৱন অধিক আনন্দদায়ক হৈ পৰিব ৷
কৰ্কট ৰাশি: গ্ৰহৰ অৱস্থান ভাল ৷ দিনটো আনন্দৰে থাকিব ৷ সফলতা লাভ কৰিব ৷ ঘৰৰ পৰিৱেশ উৎসৱমুখৰ হৈ থাকিব ৷ ব্যয় বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত লাভ বৃদ্ধি ৷ সফল হ’ব ৷
সিংহ ৰাশি: শৰীৰ আৰু মন দুয়োটা ভালে থাকিব ৷ দিনটো আশাৰে পূৰ্ণ হৈ পৰিব ৷ ইতিবাচক ফল লাভ কৰিব ৷ সন্তানৰ পৰা সুসংবাদ পাব ৷ বন্ধুসকলৰ সৈতে সন্ধিয়াটো সুখৰে কটাব পাৰে ৷
কন্যা ৰাশি: গ্ৰহ অনুকূল নহয় ৷ দুশ্চিন্তা আৰু উদ্বেগ বৃদ্ধি ৷ শৰীৰ আৰু মনৰ ওপৰত বহুত হেঁচা পৰিব ৷ দুশ্চিন্তা বাঢ়িব ৷ নথিপত্ৰত চহী কৰাৰ সময়ত অধিক সতৰ্ক থাকক ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয় হ’ব পাৰে ৷
তুলা ৰাশি:সৌভাগ্যবান হ’ব ৷ নতুন প্ৰকল্প আৰু নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷ সক্ৰিয় আৰু প্ৰাণৱন্ত হৈ থাকিব ৷ বিদেশৰ পৰা কোনো ভাল খবৰ আহিব পাৰে ৷ শত্ৰু আৰু প্ৰতিপক্ষৰ লগত বিজয়ী হ’ব ৷ সন্মান আৰু স্বীকৃতি লাভৰ যোগ আছে ৷
বৃশ্চিক ৰাশি: মধ্যমীয়া দিন ৷ অপ্ৰয়োজনীয় ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ সাৱধানে কথা ক’ব ৷ শান্ত আৰু বিনম্ৰ হৈ থকাৰ চেষ্টা কৰক ৷ সংসাৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ অহেতুক হতাশাত ভূগিব ৷ খৰচ বৃদ্ধি ৷
ধনু ৰাশি: স্বাস্থ্যৰ যতন লওঁক ৷ পৰিকল্পিত কাম হাতত ল’লে সফল হ’ব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ তীৰ্থযাত্ৰা হ’ব পাৰে ৷ দিনটো আনন্দৰে কটাব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ সুস্থিৰ হৈ থাকিব ৷ সুখাদ্য ভোজন কৰিব ৷ যশ বৃদ্ধি ৷
মকৰ ৰাশি: প্ৰতিটো পদক্ষেপত সাৱধানে খোজ পেলাওঁক ৷ কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব ৷ আয়তকৈ ব্যয় অধিক হ’ব ৷ ব্যস্ততা বৃদ্ধি ৷ স্বাস্থ্যক লৈ দুশ্চিন্তাত ভূগিব পাৰে ৷ সন্তান বা আত্মীয়ৰ সৈতে কাজিয়া হ’ব পাৰে ৷ সফল হ’ব ৷ উদ্বেগে আমনি দি থাকিব ৷ দুৰ্ঘটনাত হ’ব পাৰে, সাৱধানে থাকক ৷
কুম্ভ ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷ কৰ্মক্ষেত্ৰত লাভবান হ’ব ৷ নতুন কামৰ দায়িত্ব লাভ কৰিব ৷ ধনদেৱীৰ কৃপা লাভ কৰিব ৷ সামাজিক খ্যাতি ইতিবাচকভাৱে বৃদ্ধি পাব ৷ পত্নী আৰু পুত্ৰৰ পৰা সুসংবাদ পোৱাৰ সম্ভাৱনা আছে ৷ বিবাহপ্ৰাৰ্থীসকলৰ কাৰণে দিনটো ভাল ৷ ভ্ৰমণত শুভ ৷
মীন ৰাশি: দিনটো সুখৰ আৰু প্ৰতিশ্ৰুতিপূৰ্ণ হ’ব ৷ ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসা লাভ কৰিব ৷ ব্যৱসায়ী বা চাকৰিয়াল সকলোৱে ইতিবাচক ফল পাব ৷ দিনটো আনন্দৰে কটাব ৷ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব ৷ ঘৰত এক আনন্দমুখ পৰিৱেশে বিৰাজ কৰিব ৷