মেষ ৰাশি: বন্ধুৰ সৈতে সময় কটোৱাৰ সময় ৷ বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ সন্তানৰ কামত মন দিয়াত তেওঁলোকে ভাল ফল দেখুৱাব ৷ চৰকাৰী কামত ভাল ফল দেখুৱাব পাৰিব ৷ আজি আপুনি আপোনাৰ সংগীৰ সৈতে প্ৰেমৰ সাগৰত বুৰ যাব ৷ তেওঁৰ সৈতে সময় কটাওক, সম্পৰ্কৰ এনাজৰী আৰু অধিক মজবুত হ'ব ৷
বৃষ ৰাশি: চাকৰিয়াল সকলৰ কামৰ ক্ষেত্ৰত ভাল ফল দেখুওৱাৰ সময় ৷ সহকৰ্মীৰ সহযোগিতা লাভ কৰিব ৷ পদোন্নতি যোগ ৷ পূৰ্বে হৈ নুঠা কামবোৰ আজি পূৰণ হ'ব ৷ বৈবাহিক জীৱন সুখৰ হ'ব ৷ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো শুভ ৷
মিথুন ৰাশি: সাৱধান ! নতুন আৰম্ভণি শুভ নহয় ৷ এলাহতে বেছি সময় যাব আৰু আপোনাৰ কামত তাৰ প্ৰভাৱ পৰিব ৷ পেটৰ সমস্যাই আমনি কৰিব ৷ ব্যৱসায়িক কামত উন্নতি লাভ ৷ চকু ৰাখক, খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷ সংগীৰ সৈতে বিবাদ এৰাই চলক ইয়াৰ দ্বাৰা আপোনাৰ সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে ৷
কৰ্কট ৰাশি:গণেশে আপোনাক শান্তভাৱে থকাৰ পৰামৰ্শ দিছে ৷ পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ অসামাজিক আৰু বেআইনী কামকাজৰ পৰা দূৰত থাকক ৷
সিংহ ৰাশি:বিবাহিত সকলৰ মাজত তৰ্কবিতৰ্ক হ'ব পাৰে ৷ আপোনাৰ সংগীৰ শৰীৰ সুস্থ নাথাকিব পাৰে ৷ ধৈয্য ধৰক ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ'ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ বাবে বিপদত পৰিব পাৰে ৷
কন্যা ৰাশি:দিনটো শুভ ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি পূৰ্ণ পৰিবেশে বিৰাজ কৰিব ৷ আপোনাৰ সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷