মেষ ৰাশি:পৰিয়ালৰ সদস্যসকলৰ প্ৰাপ্য খিনিৰ ওপৰত চকু দিব ৷ ঘৰৰ সৌন্দয্যবৰ্ধনৰ কামৰ কথা চিন্তা কৰিব ৷ ঘৰৰ লগত সময় কটোৱাৰ বাবে ঘৰুৱা সৰু সুৰা সমস্যা সমাধান কৰাত সক্ষম হ’ব ৷ সন্তুষ্টি লাভ কৰিব ৷
বৃষ ৰাশি: দিনটো মিশ্ৰিত ফলদায়ক ৷ বিদেশত থকা সম্বন্ধৰ পৰা বাতৰি লাভ কৰিব ৷ ভ্ৰমণৰ বাবে পৰিকল্পনা কৰক, দূৰ ভ্ৰমণত যাব পাৰিব ৷ চাকৰিয়ালসকলে নিজকে চাপত থকা যেন অনুভৱ কৰিব ৷
মিথুন ৰাশি: মনৰ বেয়া ভাববোৰ আঁতৰাই পেলাওক ৷ বিপদত পৰিব পাৰে ৷ নতুন কাম আৰম্ভ নকৰিব ৷ খঙক নিয়ন্ত্ৰণ কৰক ৷ খৰচৰ মাত্ৰা কমাওক ৷ ধ্যান আৰু যোগ অভ্যাসে মনক শান্ত ৰখাত সহায় কৰিব ৷
কৰ্কট ৰাশি: সুন্দৰ দিন৷ শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব ৷ পৰিয়াল আৰু বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা নকৰিব ৷ সামাজিক কামত মনযোগ দিব ৷
সিংহ ৰাশি: এটা গতানুগতিক দিন ৷ পৰিয়ালৰ লগত কাজিয়া হোৱাৰ আগতেই খং ত্যাগ কৰক ৷ কামৰ ফল ভোগ কৰাত ব্যৰ্থ হ’ব ৷ মাতৃৰ স্বাস্থ্যৰ ওপৰত চকু ৰখা অতি প্ৰয়োজন ৷
কন্যা ৰাশি: আলোচনাৰ পৰা পৰাপক্ষত আঁতৰি থাকক ৷ খৰচ বৃদ্ধি হ’ব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত কথা পাতক ৷ বাহিৰত ফুৰিবলৈ যাওক ৷ পেটৰ বিষত ভুগিব পাৰে ৷ জমা কৰোতে সাৱধান হওক ৷