মেষ ৰাশি :দিনটো শুভ ৷ শুভ বাৰ্তা লাভ ৷ বহু ব্যক্তিৰ সৈতে সংযোগ স্থাপন হ’ব ৷ ভাল বন্ধু লাভ হ’ব ৷ প্ৰেমৰ সম্পৰ্কত মনোযোগ দিয়ক ৷ প্ৰশংসা লাভ ৷
বৃষ ৰাশি : দিনটো কিছু কঠিন হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ অৱশ্যে লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷
মিথুন ৰাশি :আবেগক নিয়ন্ত্ৰণ কৰক ৷ বিশেষকৈ মহিলা সকলে এই ক্ষেত্ৰত কিছু সচেতন হওক ৷ পৰাপক্ষত পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক ৷ মদ্যপান নকৰিব ৷ অযথা চিন্তা কৰাৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ ভ্ৰমণ বাতিল কৰক ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে, লক্ষ্যত সফল হʼব ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰি সিদ্ধান্ত ল’ব ৷ বন্ধুবৰ্গৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ সাৱধানতা অৱলম্বন কৰক ৷
কন্যা ৰাশি : দিনটো শুভ ৷ আপোনাৰ নম্ৰ ব্যৱহাৰ আৰু মিঠা মাতে সকলক মুগ্ধ কৰিব ৷ ফলত বিভিন্ন ফালৰ পৰা উপকৃত হ’ব ৷ বৌদ্ধিকভাৱে উন্নতি সাধন ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত ৷ সু-সংবাদ লাভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷