মেষ ৰাশি: মনটো ইতিবাচক হ’ব ৷ গোটেই দিনটো নিজকে সতেজ অনুভৱ কৰিব ৷ লক্ষ্মী দেৱীৰ আৰ্শীবাদ লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ সুখৰ হ’ব ৷ সামাজিক আলোচনাত জড়িত হ’ব পাৰে ৷
বৃষ ৰাশি: সাৱধানে থাকক ৷ শৰীৰৰ যতন লওঁক ৷ দূৰ্বল চকুৰ বাবে চিন্তাত পৰিব পাৰে ৷ পৰিয়ালৰ মানুহৰ ৰোষৰ চিকাৰ হ’ব পাৰে ৷ হাতত লোৱা কাম সম্পুৰ্ণ কৰাত বিফল হ’ব ৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ৷
মিথুন ৰাশি: লাভজনক দিন ৷ বিবাহ প্ৰাৰ্থীসকলে জীৱন সংগী বিচাৰি পাব ৷ বন্ধুৰ লগত সময় কটাই ভাল লাগিব ৷ পত্নী আৰু পুত্ৰৰ পৰা ভাল খবৰ আহিব ৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে লাভৰ মূখ দেখিব আৰু উপাৰ্জন বৃদ্ধি হ’ব ৷
কৰ্কট ৰাশি: সকলো কাম সময়ত শেষ কৰিব পাৰিব ৷ সুখী হ’ব ৷ পদোন্নতি হ’ব পাৰে ৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে ৷ ভাল খবৰ পাব পাৰে ৷
সিংহ ৰাশি: দিনটো মধ্যম ৷ কিছুমান কথাই খং উঠাব ৷ বিদেশত থকা প্ৰিয়জনৰ পৰা খবৰ পাব ৷ বাধাবোৰ নেওচি কামত মন দিয়ক ৷ সন্তানৰ কিছুমান সমস্যাই মানসিকভাৱে চিন্তিত কৰি তুলিব ৷
কন্যা ৰাশি:নতুন কামৰ আৰম্ভণি নকৰাই ভাল ৷ ৰাস্তাৰ কাষৰ খোৱা বস্তুৰ দোকানৰ পৰা খাদ্য খোৱা বন্ধ কৰক নহ’লে বেমাৰত পৰিব ৷ খং দমন কৰক ৷ মানুহক বেয়া ব্যৱহাৰ কৰা বন্ধ কৰক ৷ পৰিয়ালৰ লগত হোৱা আলোচনাই মনত দুখ দিব ৷ পানীৰ পৰা সাৱধানে থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বেআইনি আৰু অনৈতিক কামকাজৰ পৰা আঁতৰত থাকক ৷