মেষ ৰাশি: নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক । আজি আপোনাৰ একো ভাল নালাগিব, শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক, একোৱেই ভাল নালাগিব । আপুনি যিমানেই কষ্ট নকৰক কিয়, প্ৰত্যাশিত ফল নাপাব । সন্তানক লৈ উদ্বিগ্ন হোৱাৰ আশংকা আছে । কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ ফলত পৰিয়ালক সময় দিব নোৱাৰিব । বেয়া চিন্তাৰ পৰা দূৰত থাকক । অনাৱশ্যক দায়িত্ব পালন নকৰিব । পেটৰ সমস্যা হোৱাৰ আশংকা আছে । সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়ক । কৰ্মক্ষেত্ৰত সকলো কাম ফলদায়ক হ’ব ।
বৃষ ৰাশি: আজি আপুনি উত্সাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । আপুনি কষ্ট কৰা অনুসৰি কামত প্ৰত্যাশিত ফল পাব । সুযোগ-সুবিধা পোৱাৰ স্পষ্ট ইংগিত আছে । পঢ়ুৱৈসকলে সহজতে পঢ়া-শুনা বুজি পাব আৰু পঢ়া-শুনা কৰি আনন্দও পাব । কৰ্মক্ষেত্ৰত লাভ আৰু বিত্তীয় লেনদেনত লাভ সুনিশ্চিত । সন্তানৰ বাবে ব্যয়ৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । সিহঁতৰ কাৰণে আপুনি বিনিয়োগ কৰিব পাৰে । শিল্পী আৰু খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব ।
মিথুন ৰাশি: আজি কোনো কাম বা প্ৰকল্প হাতত ল’লে, সেয়া সফলভাৱে সম্পন্ন হ’ব । কৰ্মক্ষেত্ৰত আনুকূল্য পোৱাৰ তীব্ৰ সম্ভাৱনা আছে । বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা উদগণি আৰু সমৰ্থন লাভ কৰিব । সৰু-সুৰা ভ্ৰমণৰ যোগ আছে । বন্ধু, প্ৰিয়গৰাকী বা চুবুৰীয়াৰ সৈতে কাজিয়া হ’লে তাৰ পৰিণাম আপোনাৰ অনুকূলতহে থাকিব । শত্ৰু আৰু প্ৰতিপক্ষসকলে সেও মানিব । আৰ্থিক দিশত উত্থান-পতনৰ বাবে সাজু থাকক ।
কৰ্কট ৰাশি:আপোনাৰ হতাশ মনোভাৱে আপোনাক যাতে পৰাস্ত কৰিব নোৱাৰে । নিজৰ শাৰীৰিক আৰু মানসিক দুৰ্বলতা, নিজৰ দুখ-দুৰ্দশা আৰু হতাশাৰ পৰা উলিয়াই আহিবলৈ সাজু হওঁক । আপোনাৰ চকুৰ সমস্যা দেখা দিব পাৰে । ঘৰোৱা পৰিৱেশ সেমেকা থাকিব । ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব । পঢ়ুৱৈসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ সুফল পাব । বেআইনী আৰু বেয়া চিন্তাধাৰাক মনত আহিবলৈ নিদিব । খৰচৰ সীমা চেৰাই যোৱাৰ আশংকা আছে ।
সিংহ ৰাশি: আজি আপোনাৰ মনত উদ্দীপনা আৰু আত্মবিশ্বাসৰ উভৈনদী হ’ব । আজি আপুনি খৰতকীয়া আৰু ভ্ৰান্তিহীন সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব । পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব আৰু তেওঁলোকৰ পৰা সুযোগ-সুবিধা পাব । আপোনাৰ ভাৱমূৰ্তিৰ উন্নতি হ’ব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত কোনো হেমাহি নকৰিব ।
কন্যা ৰাশি: সদিচ্ছা আৰু অহংকাৰৰ সংঘাত দেখা দিব পাৰে । ইয়াক যি কোনো মূল্যত প্ৰতিহত কৰক । আজি আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি কম হৈ থাকিব । ই যেন আপোনাক অধিক উদ্বিগ্ন কৰি তুলিব নোৱাৰে, সেই দিশত লক্ষ্য ৰাখক । আজি আপুনি আগ্ৰাসী আৰু খঙাল হৈ থাকিব । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া-বিবাদ আৰু তৰ্ক-বিতৰ্ক হোৱাৰ তীব্ৰ আশংকা আছে । ধৰ্মীয় ক্ৰিয়াকলাপত ব্যয়ৰ সম্ভাৱনাক এৰাই চলিব পৰা নাযাব । পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে । যিমান দূৰ সম্ভৱ কাজিয়া বিবাদৰ পৰা দূৰত থাকক ।
তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব । কালি আপোনাৰ গ্ৰহৰ অৱস্থান বৰ ভাল আছিল, আজিও থাকিব যাৰ বাবে আনন্দ-উত্সাহেৰে পূৰ্ণ হৈ থাকিব । আপুনি হয়তো ইতিমধ্যেই বন্ধু, পৰিয়াল বা প্ৰেয়সীৰ সৈতে সুন্দৰ ভ্ৰমণ উপভোগ কৰিছেই । যদি কৰা নাই, তেতিয়া হ’লে শীঘ্ৰেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ ভ্ৰমণ আৰম্ভ হ’বহি আপোনাৰ । বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ’ব । বন্ধুসকলৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব । তেওঁলোকৰ দ্বাৰাও উপকৃত হ’ব পাৰে । বিবাহ প্ৰাৰ্থীসকলৰ বাবে সময়টো অসাধাৰণ । এতিয়া যি কোনো সময়ত নিজৰ পছন্দৰ সংগী বা সংগিনীক হয়তো লাহ পাব পাৰে। অসাধাৰণ! খাদ্যৰসিকসকলৰ বাবে সময়টো বৰ ভাল।
বৃশ্চিক ৰাশি: আজি সকলো দিশতে ভাল হোৱাৰ সম্ভাৱনা আছে । ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো উজ্জ্বল আৰু উত্সাহব্যঞ্জক । উৰ্ধ্বতন কৰ্তৃপক্ষসকলে আপোনাৰ কামত সন্তুষ্ট হ’ব আৰু আপোনাৰ কামৰ প্ৰশংসা কৰিব । পদোন্নতিৰ সম্ভাৱনা প্ৰবল । ঘৰত সুখ-শান্তি আৰু আনন্দ বিৰাজ কৰিব । অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে, সাজু থাকক । সন্তাৰ উন্নতি আপোনাক আনন্দ আৰু পৰিতৃপ্তি প্ৰদান কৰিব ।
ধনু ৰাশি: আজি আপুনি অসুস্থ অনুভৱ কৰিব পাৰে । আজি গোটেই দিন আপুনি অস্থিৰ আৰু এলেহুৱা অনুভৱ কৰিব । আজি আপুনি মানসিক চাপ আৰু উদ্বেগত ভুগিব । ব্যৱসায়ত বিফল হোৱাৰ প্ৰবল আশংকা আছে । ক্ষতিকৰ চিন্তা আৰু অনুভূতিসমূহক মনত আহিবলৈ নিদিব । কোনো কাম কৰিবলৈ যোৱাৰ আগতে ভালকৈ পৰিকল্পনা কৰি লওক । ঊৰ্ধ্বতনসকলৰ অসন্তুষ্টিৰ কাৰণ নহ’ব । শত্ৰু আৰু প্ৰতিপক্ষসকলৰ মুখামুখি হোৱাৰ বাবে আজিৰ দিনটো বেয়া ।
মকৰ ৰাশি: স্বাস্থ্যৰ কাৰণে পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক । সামাজিক দায়বদ্ধতা আৰু বাহ্যিক ক্ৰিয়া-কলাপৰ কাৰণে আপোনাৰ ব্যয় বৃদ্ধি হ’ব পাৰে । খাদ্যাভ্যাসৰ প্ৰতি যত্নশীল হওঁক । নিজৰ মূৰ গৰম হ’বলৈ নিদিব । ইতিবাচক হৈ থাকক আৰু সকলো প্ৰকাৰৰ নেতিবাচক মনোভাৱ দূৰত ৰাখক । ব্যৱসায়িক দিশত দিনটো অনুকূল আৰু উজ্জ্বল । নিজৰ অংশীদাৰসকলক মনত আঘাত দি কথা নক’ব । কৰ্মক্ষেত্ৰত আজি সকলো কাম আপুনি নিজৰ অভিজ্ঞতাৰে সফলভাৱে সম্পন্ন কৰিব পাৰিব ।
কুম্ভ ৰাশি: আজি আপুনি সকলো কাম সম্পূৰ্ণ দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সম্পন্ন কৰিব পাৰিব । কোনো ভ্ৰমণত বা ছুটীত ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে । আজি ৰংচঙীয়া পোছাক পৰিধান কৰি ক’ৰবাত ফুৰিবলৈ যাব পাৰে, উত্কৃষ্ট খাদ্য ভোজনৰ যোগ আছে । অংশীদাৰিত্বৰ পৰা লাভবান হ’ব । গাড়ী চলাই আনন্দদায়ক ভ্ৰমণত যাব পাৰে ।
মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে উজ্জ্বল আৰু ঘটনা বহুল । আপোনাৰ আত্মবিশ্বাসে আজি আপোনাক গোটেই দিনটো অনুপ্ৰাণিত কৰি ৰাখিব । আপোনাৰ উদ্যমৰ কোনো সীমা নাথাকিব । ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব । শত্ৰু আৰু প্ৰতিপক্ষসকলে সেও মানিব । নিজৰ তীব্ৰ আকাংক্ষা আৰু আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক । নিজৰ কথা-বতৰা আৰু আচৰণত বিনম্ৰ হৈ থাকক । সহকৰ্মীসকলে বিশেষকৈ সাহায্য কৰিব, তেওঁলোকৰ দ্বাৰা উপকৃত হ’ব । নিজ বাসভূমিৰ পৰা খবৰ পাই আপুনি আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ।