মেষ ৰাশি: দিনটো শুভ । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব । সফলতা লাভ । আৰ্থিক লাভৰ যোগ আছে । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷
বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে শুভ নহ'ব পাৰে । সকলো ধৰণৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । শাৰীৰিক সমস্যাত ভুগিব পাৰে । প্ৰিয়জনৰ সৈতে আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা ।
মিথুন ৰাশি: বিভিন্ন ধৰণৰ লাভে আজি আপোনাৰ আনন্দক দুগুণ কৰি তুলিব । পত্নী আৰু সন্তানৰপৰা সুসংবাদ পাব পাৰে । বন্ধুসকলৰ সৈতে সাক্ষাতৰ পিছত আপুনি বহুত আনন্দ পাব । বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পাব ।
ককৰ্ট ৰাশি:বৃত্তিধাৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক । পদোন্নতিৰ যোগ । মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তা কৰিব নালাগে । আপুনি সন্মান আৰু ধন অৰ্জন কৰিব ।
সিংহ ৰাশি: আজি আপুনি ধৰ্মীয় ক্ৰিয়াকলাপৰ সৈতে ব্যস্ত হৈ থাকিব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰা ভ্ৰমণৰ বাবে দিনটো শুভ । কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে ।
কন্যা ৰাশি: মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । নতুন কোনো কাম হাতত লোৱাৰ বাবে দিনটো শুভ নহয় । খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । পৰিয়ালৰ সৈতে মনোমালিন্য হ'ব পাৰে । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ।