অসম

assam

ETV Bharat / bharat

Daily Horoscope For 4th May: আপোনাৰ দিনটোৰ ৰাশিফল - ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily Horoscope For 4th May 2023
আপোনাৰ দিনটোৰ ৰাশিফল

By

Published : May 4, 2023, 5:08 AM IST

মেষ ৰাশি:আজিৰ দিনটো, আপোনাৰ জীৱনক সুখী আৰু আনন্দময় কৰি তুলিবৰ বাবে প্ৰয়োজনীয় সকলো উপাদান থকা এটা দিনযেন অনুমান হয় । সকলো দিশতে, আপুনি সফলতা পাব । আপোনাৰ চৌপাশত বিদ্যমান শান্তি সম্পৰ্কত, আপোনাৰ ঘৰত থকা সুন্দৰ পৰিবেশক বিশেষভাৱে উল্লেখ কৰিব পাৰি । গতিকে, এই ধুনীয়া পৰিবেশৰ সুবিধা লওক আৰু বন্ধু তথা পৰিয়ালবৰ্গৰ লগত বাহিৰলৈ যাওক বা ভ্ৰমণৰ পৰিকল্পনা কৰক । সামাজিক দিশত, আপোনাৰ খ্যাতি বৃদ্ধি পাব । পেচাগত দিশত, সকলো অতি সুচাৰুৰূপে পাৰহৈ যোৱাৰ লগতে, আৰ্থিক লাভ হ'ব পাৰে ।

বৃষ ৰাশি:এটা মিশ্ৰিত দিন হ'ব । ব্যয় আপোনাৰ বাজেটৰ বাহিৰত হ'ব; ব্যয়সমূহ নিৰীক্ষণ কৰক । বিদ্যালয়ত বা অধ্যয়ণত কোনো বাধাৰ সৃষ্টি হৈ, শিক্ষাৰ্থীৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে । মধ্যাহ্নৰ পিছত, সকলোবোৰ ঠিক হ'ব যেন অনুমান হয় । ঘৰৰ অনাত্মীয় আৰু প্ৰতিকূল পৰিবেশ, আনন্দময় আৰু সুখীলৈ পৰিৱৰ্তন হ'ব । দিনটোৰ প্ৰথমভাগত, অধোনতি হৈ থকা আপোনাৰ স্বাস্থ্য পাৰহৈ যোৱা প্ৰতি ঘণ্টাৰ লগত উন্নত হ'ব । কৰ্মস্থলীটো, আপোনাৰ সহকৰ্মীয়ে সহায় আগবঢ়োৱাৰ লগতে, সকলো ঠিক হ'বলৈ আৰম্ভ কৰিব । আপোনাৰ প্ৰতিকূলতাইও হাৰ মানি লব ।

মিথুন ৰাশি: আজিৰ দিনটো মিথুনৰাশিৰ লোকৰ বাবে সহজ নহ'ব যেন অনুমান হয় । আৰু পৰিয়ালৰ লোকসকল কাজিয়াৰ মনোভাৱেৰে থাকিব পাৰে, সেয়ে গোটেই দিনটোৰ বাবে ধৈৰ্য ধৰি থকা আৰু শান্তহৈ থকাটো অলপ কঠিন হ'ব পাৰে; তাৰ মাজেৰে নিজকে পাৰ কৰি নিয়ক; ঘৰুৱা অশান্তিৰ বাবে পেচাগত দিশত সমস্যাৰ সৃষ্টি হ'বলৈ নিদিব । শিক্ষাৰ্থীসকলৰ বাবেও আজিৰ দিনটো কঠিন হ'ব ৷ আগবাঢ়ি গৈ থাকক আৰু নিশ্চিত কৰক যে আপুনি আপোনাৰ ধ্যানকেন্দ্ৰৰ পৰা আতঁৰি নাযায় । আকস্মিক আৰ্থিক ব্যয় হ'ব পাৰে, সাজু থাকক ।

কৰ্কট ৰাশি: এটা সাধাৰণ দিনৰ আভাস । ৰাতিপুৱা সময়ত সকলো দিশতেই আত্মবিশ্বাসেৰে আগবাঢ়িবৰ বাবে অনুপ্ৰেৰিত কৰিব, কিন্তু, দিনটোৰ পিছবেলাত বাধা-বিঘিনি থাকিব পাৰে । যদিও, আবেলিৰ অন্তৰায়ক দূৰ কৰিবৰ বাবে, ধ্যান-সাধনা, প্ৰাৰ্থনা বা জিমত ব্যায়াম কৰাটোৱে আপোনাক সহায় কৰিব । আপুনি অতি সংবেদনশীল অনুভৱ কৰিব, যিকোনো লোকৰ আগতেই আবেগিক হৈ নপৰাটো নিশ্চিত কৰক; আপোনাৰ মন, শৰীৰ আৰু আত্মাক উত্‍সাহীত আৰু সক্ৰিয় কৰি ৰাখিবৰ বাবে সময় দিয়ক; ই অশুভ প্ৰভাৱক আঁতৰাই ৰখাত সহায় কৰিব । আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত ব্যৱধান আহিব পাৰে; সেয়ে কোনো তিক্ত কথা কবলৈ হ’লে মধুৰতাৰে কবলৈ নাপাহৰিব । আজি, আপোনাৰ ব্যয় তুলনামূলকভাৱে অধিক হ'ব ।

সিংহ ৰাশি: আপোনাৰ অমায়িক ব্যক্তিত্ব আৰু শান্ত আচৰণেৰে বহুতো লোকৰ হৃদয় জয় কৰিব। ই আপোনাৰ সহকৰ্মী আৰু চৌপাশৰ লোকসকলৰ পৰা আপোনাৰ বাবে সমৰ্থন গোটোৱা আৰু পথপ্ৰদৰ্শনত সহায় কৰিব । আৰু সেয়ে, সফলতা আপোনাৰ পৰা আতঁৰত থাকিব নোৱাৰিব । আপোনাৰ নম্ৰতাৰ বাবে আপোনাৰ পৰিয়াল কেন্দ্ৰিক পৰিবেশো উত্‍সাহজনক হৈ থাকিব । আপোনাৰ প্ৰতিদ্বন্দী আৰু বিৰোধীসকলো আজি দূৰত থাকিব; ইয়াৰ শ্ৰেয় আপুনি যিধৰণেৰে মানুহৰ লগত লেনেদেন কৰে তালৈ যাব।আপোনাৰ বাবে একমাত্ৰ সতৰ্ক বাণী হ’ল, আবেগিক নহ'ব । সেয়ে, ৰওক, চিন্তা কৰক আৰু তাৰপিছত কাম কৰক।

কন্যা ৰাশি:কন্যাৰাশিৰ লোকৰ বাবে এটা অতি শুভ দিন । মোহনীয় ভাষণৰ সৈতে আপুনি মানুহৰ মনযোগ আকৰ্ষণ কৰিব পাৰিব আৰু তেওঁলোকৰ প্ৰশংসা আৰু প্ৰেমেৰে পুৰস্কৃত হ'ব । একেদৰে এটা শাৰীৰিক ভংগীয়েই আপোনাৰ প্ৰিয়জন আৰু বন্ধুবৰ্গৰ লগত থকা আপোনাৰ সম্পৰ্কক উন্নত কৰি তুলিব । আপোনাৰ বিচাৰধাৰাই আপোনাৰ চৌপাশৰ লোকসকল প্ৰভাৱিত কৰিব আৰু তেওঁলোকে আপোনাৰ আদৰ্শক অনুসৰণ কৰিব বিচাৰিব । আজি, আপোনাৰ বৌদ্ধিক ক্ষমতাক প্ৰদৰ্শন কৰিব আৰু কোনো বৌদ্ধিক আলোচনা বা যুক্তিতৰ্কত অংশগ্ৰহণ কৰিব পাৰে । যদি আপুনি আপোনাৰ প্ৰান্তত সেই আলোচনাসমূহক সুস্থভাৱে ৰাখে তেন্তে অতি উত্তম প্ৰতিক্ৰিয়া প্ৰাপ্ত কৰিব । আৰ্থিক আৰু ব্যৱসায়িক লাভ হ'ব ।

তুলা ৰাশি:এটা জটিল দিন যেন অনুভৱ হয় । আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে আপুনি হয়টো ক্লান্তি, এলাহ আৰু দুখী অনুভৱ কৰিব পাৰে । আৰু এইটোৱে আপোনাৰ প্ৰফুল্লতাক কম কৰি ক্ৰোধ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত আপোনাৰ বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগত থকা আপোনাৰ সম্পৰ্ক আঘাত প্ৰাপ্ত হ'ব পাৰে । সেয়ে তৰ্ক কৰাতকৈ, উদ্দেশ্যপ্ৰণিত বা নমনীয় অভিপ্ৰায়েৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। দুপৰীয়াৰ পিছত, দিনটো লাহে লাহে উন্নত হ'ব । আপোনাৰ স্বাস্থ্য লগতে আপোনাৰ কথাৰ সুৰো উন্ন হ'ব। যদি সম্ভৱপৰ হয়, তেনেহ’লে আইনী সমস্যাসমূহৰ লগত লেনদেন কৰাৰ পৰা আতঁৰি থাকক, কিন্তু যদি উপায় নাই, তেন্তে সাৱধান হওক ।

বৃশ্চিক ৰাশি: গ্ৰহসমূহৰ কৃপাত আপুনি সম্পূৰ্ণ দিনটো সুস্থ আৰু স্বাস্থ্যকৰ ৰূপত থাকিব । আৰু এই কৃপাই আৰ্থিক, ব্যৱসায়িক আৰু পেচাদাৰী লাভৰ ৰূপত দেখা যাব । আপোনাৰ বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু খৰচৰ প্ৰতি লক্ষ্য ৰাখিব । মধ্যাহ্নৰ পিছত, আপোনাৰ শৰীৰৰ অৱনতি হ'ব পাৰে, মাত্ৰাধিক বা অধিক আহাৰ গ্ৰহণ নকৰিব । আপোনাৰ চৌপাশত থকা কোনো লোকৰ সন্মানত আঘাত লাগিব পাৰে আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰা জটিল হ'ব পাৰে; আপোনাৰ আক্ৰমণাত্মক প্ৰবৃত্তি নিয়ন্ত্ৰণহীন নহ'বৰ পাৰে, তেওঁলোকৰ পৰা আতঁৰত থাকক ।

ধনু ৰাশি:আপোনাৰ বাবে এটা অতি সুন্দৰ দিনে অপেক্ষা কৰিছে। সকলো দিশতে অতি মৃসণৰূপে পাৰহৈ যাব। ইয়াৰ কাৰণ, ঘৰত আৰু কাৰ্য্যালয়ত উপস্থিত সৌহাদ্যপূৰ্ণ আৰু শান্ত পৰিবেশ । আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বাহিৰলৈ যাব পাৰে বা এটা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । পেচাদাৰী দিশত আপুনি যথেষ্ট পৰিমাণে লাভ অৰ্জন কৰিব; পদোন্নতি বা বেতন বৃদ্ধি আশা কৰিব পাৰে । সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব । স্বাস্থ্য সম্পৰ্কত, সম্পূৰ্ণ দিনতোতে আপুনি সুস্থ ৰূপে থাকিব ।

মকৰ ৰাশি:আজিৰ দিনটোৰ আপুনি ফল লাভ কৰিব । যদি আপুনি নতুন প্ৰজেক্ট বা কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, সেইয়া প্ৰয়োগ কৰাৰ বাবে উত্তম সময়, যিহেতু আজিৰ দিনটো অদি ফলপ্ৰসূ আৰু ভাগ্যশীল হ'ব । ব্যৱসায়ীসকলৰ বাবেও, দিনটোৱে সৌভাগ্য আৰু সাফল্য কঢ়িয়াই আনিব; তাৰ সুযোগ লওক । এইদিনটো মন্দিৰ দৰ্শন কৰিবৰ বাবে বা তীৰ্থযাত্ৰা পৰিকল্পনাৰ বাবে এটা ভাল দিন । বিদেশত থকা সম্পৰ্কীয় লোকৰ পৰা ভাল খবৰৰ আশা কৰক ।

কুম্ভ ৰাশি:আপুনি যদি নিজকে ইতিবাচক, শান্ত আৰু সংযমিত কৰি ৰাখে, দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব । আপোনাৰ ক্ৰোধক যদি আপুনি নিয়ন্ত্ৰণত ৰাখে, ঘৰত এটা আনন্দময় আৰু সৌহাৰ্দ্যপূৰ্ণ পৰিবেশ পাব । সেয়ে, তৰ্ক কৰাৰ পৰা আৰু কঠোৰ হোৱাৰ পৰা এৰাই হওক আৰু সমস্যাৰ সমাধান কৰক । মধ্যাহ্নৰ পিছত, সকলো দিশতে আনন্দ লাভ কৰিব, বিশেষভাৱে ঘৰত, যি পুৱাৰ পৰি চলা অহা আপোনাৰ অশান্তিক অন্ত পেলাব । ঘৰলৈ বন্ধুবৰ্গৰ আগমণ ঘটিব পাৰে দিনটোৰ অন্ত পেলাবৰ বাবে মন্দিৰ দৰ্শন কৰক ।

মীন ৰাশি: দিনটো মিশ্ৰিত হ'ব । দিনটোৰ প্ৰথম ভাগ সৌভাগ্যশীল আৰু আনন্দদায়ক হ'ব । বন্ধু আৰু প্ৰিয়জনৰ লগত বিনোদ ভ্ৰমণ বা যাত্ৰা কৰিব পাৰে । পেচাদাৰী দিশতো, সকলো মৃসণভাৱে চলিব আৰু কোনো সমস্যাৰ সন্মূখীন নহ'ব । বুজিপোৱা আৰু সহযোগকাৰী অংশীদাৰৰ সৈতে, আজিৰ দিনটোত আপোনাৰ ব্যৱসায়ে এক খোজ আগবাঢ়ি যাব । মধ্যাহ্নৰ পিছত, আপোনাৰ স্বাস্থ্যৰ অৱনতিৰ বাবে কথাবোৰ অলপ জটিল হ'ব পাৰে । ঘৰত, আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্কযুদ্ধ বা কাজিয়াৰ পৰা আঁতৰি থাকক । আৰ্থিক লোকচান হ'ব পাৰে ।

ABOUT THE AUTHOR

...view details