অসম

assam

ETV Bharat / bharat

Daily Horoscope For 4th December: কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope For 4th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 4th December
আজিৰ দিনটোৰ ৰাশিফল

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:01 AM IST

মেষ ৰাশি: আজিৰ দিনটোত আপুনি আবেগ বিহ্বল হৈ থাকিব । আপোনাৰ মাজত যি বিদ্ৰোহী সত্তা আছে তাক নিয়ন্ত্ৰণ কৰি ৰাখক । ধৈৰ্য ধৰক, ততালিকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিব বা কোনো সিদ্ধান্ত নল’ব । আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে । আকাংক্ষিত ফল লাভৰ বাবে অশেষ সংগ্ৰাম কৰি যাব লাগিব, অৱশ্যে যি কোনো ধৰণৰ আমোলাতান্ত্ৰিক কাম আপোনাৰ উপকাৰত আহিব ।

বৃষ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস অটুট থাকিব । সুদৃঢ় ইচ্ছা শক্তি, সাহসিকতাৰে সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত নতুন উচ্চতা লাভ কৰিব পাৰিব । সকলো ক্ষেত্ৰত সফলতা নিশ্চিত । নিজৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে বুদ্ধি বিবেচনাৰে বিনিয়োগ কৰিব । আৰ্থিক লাভৰ যোগ আছে ৷ যদি আপুনি ৰাজহুৱা খণ্ডৰ লগত জড়িত কোনো কাম কৰে তেতিয়া হ’লে লাভ নিশ্চিয় হ’বই । যিসকলে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে সময় বৰ ভাল ।

মিথুন ৰাশি: আজি আপুনি যিকোনো নতুন কাম আৰম্ভ কৰিব পাৰে অথবা যি কোনো নতুন চুক্তি কৰিব পাৰে । নিজৰ ব্যৱসায়িক বা কামৰ প্ৰতিবেদন দাঙি ধৰাৰ বাবে আগুৱাই যাওক, কাম আপোনাৰ হাততেই আহিব । ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক । কিন্তু সতৰ্ক হৈ থাকিবলৈ নাপাহৰিব আৰু এই লাভবোৰ হাতৰ পৰা যাবলৈ নিদিব । আৰ্থিক বিষয়ত সতৰ্ক থাকক ।

কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক । আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিব পাৰে । বিবাদৰ নিষ্পত্তি হ’ব । পৰিয়ালৰ লোকৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ঘৰৰ পৰিৱেশ উদ্বেগজনক হৈ থাকিব । সকলো কথা স্পষ্টকৈ কৈ নিজৰ অৱস্থান স্পষ্ট কৰি দিয়ক ।

সিংহ ৰাশি:আজি আপুনি সাহসিকতা, বীৰত্ব আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । লগতে আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা আজি চৰম পৰ্যায়ত থাকিব, সেয়েহে অতি সহজতে যিকোনো দৃঢ় সিদ্ধান্ত ল’ব পাৰিব । আজি আপুনি পিতৃৰ দ্বাৰা আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰাও উপকৃত হ’ব । এই উপকাৰ সমাজত আপোনাৰ সন্মান বৃদ্ধিৰ ৰূপত আহিব পাৰে । নিজৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু কিবা কথা কোৱাৰ আগতে দহবাৰ ভাবক । নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ।

কন্যা ৰাশি: আজি আপুনি এক অসাধাৰণ মানসিকতা লৈ থাকিব ৷ কিন্তু সাৱধান, এই মানসিকতাই আপোনাক যাতে বিপাঙত নেপেলায় । অহংকাৰী নহ’ব । আপুনি খৰখেদাকৈ সকলো কাম কৰিব, যাৰ বাবে প্ৰয়োজনতকৈ অধিক কথা ক’ব । যি আপোনাৰ পুৰণি বন্ধুত্বৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে ৷ যাৰ ফলত আপুনি পিচত নিজক দোষী বুলি ভাবি থাকিব । গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰাখক ।

তুলা ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী । আপুনি যিয়ে কৰিব তাতেই আপোনাৰ ভাগ্য প্ৰসন্ন থাকিব আৰু আপুনি জীৱনৰ যি কোনো ক্ষেত্ৰতেই ভাগ্যশালী হ’ব । আপুনি আজি বন্ধুসকলক লগ পাব পাৰে আৰু তেওঁলোকৰ সৈতে কোনো সৰু-সুৰা কোনো ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ব্যৱসায়ীসকলৰ লাভ হ’ব । কামিনী-কাঞ্চন লাভৰ ক্ষেত্ৰত গ্ৰহ অনুকূলত আছে । আপোনাৰ সৈতে আপোনাৰ সংগীৰ সম্পৰ্ক আৰু উন্নত হ’ব ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো কালিৰ দৰেই থাকিব । তথাপিও আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল । আপোনাৰ উদ্যেগ আৰু চিন্তাধাৰাৰ প্ৰতি সহকৰ্মীসকলৰ সহযোগিতা পাব আৰু ঊৰ্ধ্বতনসকলৰ পৰাও সমৰ্থন পাব । আপোনাৰ দায়িত্বত থকা সকলো কাম সময়ত শেষ কৰিব আৰু সন্ধিয়া ক’ৰবাত ফুৰিবলৈ যাব পাৰে । আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব আৰু সন্মান বৃদ্ধি উপভোগ কৰিব ।

ধনু ৰাশি: নিজৰ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি ভালকৈ চকু দিয়ক । আপোনাৰ শৰীৰেই হয়তো এই সংকেত দিব যে আপুনি ইয়াৰ যত্ন লোৱা উচিত বা আপুনি বিশ্ৰাম লোৱা উচিত । অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে সেইবোৰক আওকাণ নকৰিব । তাতোকৈ আপুনি এনেকুৱা ব্যৱস্থা লওক, যাতে ভালকৈ বিশ্ৰাম ল’ব পাৰে । শৰীৰৰ কষ্ট হ’ব পৰা কোনো কাম নকৰিব । পাৰিলে দেওবাৰে যাবলগীয়া প্ৰমোদ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক ।

মকৰ ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব । আজি আপুনি সাপ্তাহিক গেলামাল বজাৰ কৰিবলৈ যাব আৰু তাত আপোনাৰ চকুত পুষ্টিকৰ যি খাদ্যবস্তু পৰিব তাকেই কিনি ল’ব । ইয়াৰ পৰিৱৰ্তে আপুনি হয়তো দেওবৰীয়া প্ৰমোদ ভ্ৰমণত ওলাব বা হয়তো পৰিকল্পনা বহিৰ্ভূত ব্যয় কৰিবও পাৰে । যিয়ে হওক, আপুনি যদি অতিৰিক্ত ব্যয় কৰিব নিবিচাৰে, তেতিয়া হ’লে সাবধান হওক আৰু যি মন যায় তাকেই কিনি লোৱাৰ পৰা নিজকে বিৰত ৰাখক । খোৱা-লোৱা সাবধানে কৰিব, বিশেষকৈ বাহিৰত যদি খোৱা-লোৱা কৰে । কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব, তথাপিও ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে কোনো কাজিয়াত লিপ্ত নহ’ব ।

কুম্ভ ৰাশি: আজি দিনটো আপোনাৰ বাবে উমাল আৰু স্বপ্নময় । আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব । দিনটোক উপভোগ কৰক ! অন্তৰ আৰু আন্তৰিকতা সম্বন্ধীয় সকলো দিশ অসাধাৰণ হৈ উঠিব । এই পৰিস্থিতি কৰ্মক্ষেত্ৰতো দেখিবলৈ পোৱা যাব আৰু এয়া ব্যৱসায়িক অংশীদাৰিত্বকো সৌভাগ্যশালী কৰি তুলিব । এই সময়টোত আপুনি সঁচাকৈ আনন্দ আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ ৰ’ব । গাড়ী ক্ৰয়ৰ বাবে সময়টো ভাল ।

মীন ৰাশি: আজি আপোনাৰ দিনটো সৌভাগ্যশালী । আজি আপোনাৰ ইচ্ছাশক্তি আৰু সংকল্প অধিক শক্তিশালী হৈ উঠা দেখা পাব । আজি আপোনাৰ কঠোৰ মনঃসংকল্প প্ৰত্যক্ষ কৰি আপোনাৰ ঘনিষ্ঠ বন্ধুসকলেও তবধ মানিব । আজি আপুনি ভিতৰৰ পৰা নিজকে সুস্থ অনুভৱ কৰিব আৰু আজিৰে পৰা আপুনি শৰীৰ চৰ্চাৰ নিয়ম মানি চলিবলৈ আৰম্ভ কৰিব । ঘৰত শান্তি বৰ্তি থাকিব । কেৱল নিজৰ খং আৰু কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখি চলক । কোনো কথাৰ মাজত হস্তক্ষেপ নকৰিব ।

ABOUT THE AUTHOR

...view details