মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অলপ প্ৰভাবশালী বুলিব পাৰি ৷ নতুন পৰিকল্পনা হাতত লোৱাৰ উপযুক্ত সময় ৷ নিজ প্ৰচেষ্টাৰে সহজভাবে কাম কৰিবলৈ চেষ্টা কৰক, সহজ কামবোৰ টান কৰিবলৈ চেষ্টা নকৰিব ৷ আপোনাৰ কৰ্মক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ’ব পাৰে কিন্তু আপুনি সদায় কৰাৰ দৰে বাধাবোৰ অতিক্ৰম কৰাৰ প্ৰচেষ্টা কৰক, নিশ্চয় সফল হ’ব ৷ মহিলাসকলে তেওলোকৰ জিভাৰ ওপৰত কাবু ৰাখক, অযথা যি কোনো কথা কৈ বিপদ চপায় নল’ব ৷ ভ্ৰমণৰ যোগ কম ৷
বৃষ ৰাশি: আপোনাৰ ভাগ্যৰ তৰা উদয় হৈছে ৷ আপোনৰ কাৰ্য্যক্ষমতাৰ যোগেদি আপুনি আপোনাৰ কষ্টকৰ কামবোৰ সহজে পূৰ কৰিব পাৰিব ৷ কামত যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ প্ৰতি চকু ৰাখি ভালকৈ কামত আগবাঢ়ক ৷ কোনো নতুন কাম হাতত নোলোৱাই ভাল ৷ পৰিয়াল, বন্ধু বা সহকৰ্মীৰ লগত আলোচনাৰ সময়ত চকু ৰাখক যাতে আপুনি আপোনাৰ সীমা অতিক্ৰম নকৰে ৷ আপুনি কোৱা কথাৰে আপোনাৰ জ্ঞানৰ পৰিচয় দিয়ক ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত আপোনাৰ সম্বন্ধ আৰু ভাল হ’ব ৷
মিথুন ৰাশি: আপোনাৰ প্ৰিয়গৰাকীৰ লগত কটাবলৈ অতি সুন্দৰ দিন ৷ বন্ধুসকলক নিমন্ত্ৰণ কৰক আৰু নিশা আহাৰ বা সৰু বনভোজৰ আয়োজন কৰক ৷ প্ৰচুৰ ধনাগমনৰ যোগ দেখা গৈছে ৷ কিন্তু যধে-মধে খৰচ কৰি বিপদত নপৰিব ৷ সীমাৰ ভিতৰত খৰচৰ চেষ্টা কৰক ৷ আপোনাৰ ফালে অহা অপশক্তিবোৰ দূৰতে বিদূৰ হ’ব ৷ বন্ধু আৰু প্ৰেমীৰ পৰা উপহাৰ লাভ কৰিব ৷
কৰ্কট ৰাশি: আজি নিজকে খং আৰু চিন্তাৰে আবৰি থকা যেন অনুভব কৰিব ৷ শান্ত থাকক অন্যথা মানসিক অস্থিৰতাই আপোনাৰ কামৰ ক্ষেত্ৰত প্ৰভাব পেলাব ৷ বিশেষকে আপুনি সঠিক সিদ্ধান্ত লোৱাত বিফল হ’ব ৷ যিমান পাৰে সিমান আপুনি বেয়া পোৱা বিষয়ত তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক নহ’লে পৰিস্থিতি আৰু বেয়ালৈ যাব ৷ গণেশৰ উপদেশ মতে সাধাৰণ জীৱন যাপন কৰক, সোতৰ বিপৰীতে নাযাব ৷ ধন হানি হ’ব পাৰে আৰু শৰীৰ বেয়া হ’ব পাৰে ৷ খাদ্যভাসৰ ওপৰত আৰু টকাৰ ওপৰতো চকু ৰাখক ৷
সিংহ ৰাশি: সিংহ ৰাশিসকলৰ বাবে এটা সৰ্বাংগ সুন্দৰ দিন ৷ পৰিৱেশ আপোনাৰ সপক্ষে থাকিব কিন্তু যদিহে আপুনি মন নিদিয়ে তেন্তে সুযোগ গ্ৰহণত বিফল হ’ব ৷ যদিহে নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে কিছুদিন বাট চাওক ৷ বন্ধুসকলে আপোনাক লগ দিব আৰু কিছু ক্ষেত্ৰত তেওলোক আপোনাৰ সহায়ক হ’ব ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ’ব ৷ ব্যৱসায় ভালে দৰেই চলি থাকিব আৰু ধনাগমনৰ যোগ দেখা যায় ৷
কন্যা ৰাশি: গণেশৰ কৃপাত সকলোৰে বাবে ভাল দিন ৷ যদিহে নতুন কাম হাতত লোৱাৰ কথা ভাবিছে তেন্তে নিৰ্ভয়ে কৰক ৷ কাৰ্যক্ষেত্ৰত আপোনাৰ বাবে সঠিক সময়, উন্নতিৰ যোগ দেখা যায় ৷ যদিহে আপুনি পদোন্নতিৰ যোগ্য তেন্তে এয়েই সময় ৷ পাৰিবাৰিক ক্ষেত্ৰতো সুগম সময় ৷ চৰকাৰৰ ফালৰ পৰাও পোৱাৰ যোগ আছে ৷ কামৰ ক্ষেত্ৰত আপুনি বেছি দৌৰা-দৌৰি কৰি থকাৰ দৰকাৰ নাই সকলো কাম সহজে হৈ যাব ৷