অসম

assam

ETV Bharat / bharat

Daily Horoscope For 30th June: আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

By

Published : Jun 30, 2023, 5:30 AM IST

Daily Horoscope For 30th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:আধ্যাত্মিক মনৰ বাবে আজিৰ দিনটো শুভ হ’ব । অলৌকিকতাৰ প্ৰতি আকৃষ্ট হ’ব । এইবোৰ কৰি আধ্যাত্মিক দিশত আগবাঢ়ি যাব । মানুহক আৰু তেওঁলোকৰ অনুভূতিক আঘাত কৰাটো এৰাই চলক । যদি কোনো নতুন কাম হাতত লৈছে, পুনৰ ভাবি চাওক, আজিৰ দিনটো আপোনাৰ পক্ষে নহ’বও পাৰে । যাত্ৰা এৰাই চলক ।

বৃষ ৰাশি:ঘৰুৱা সুখ-শান্তিৰ বাবে অতি উত্তম দিন । আপোনাৰ প্ৰিয়জন বা সম্পৰ্কীয় লোক আপোনৰ ঘৰলৈ আহাৰ গ্ৰহণৰ বাবে আহিব বুলি আশা কৰিব পাৰে । ই নিশ্চিতভাৱে আপোনাৰ ঘৰত বৰ্তি থকা আনন্দময় পৰিবেশক অধিক মাত্ৰা প্ৰদান কৰিব । ভ্ৰমণ পৰিকল্পনাৰ বাবেও এটা ভাল দিন । বিদেশত থকা সম্পৰ্কীয় লোকৰ পৰা ভাল খবৰ পাব বুলি আশা কৰিব পাৰে । দিনটোৰ অন্তত আপোনাৰ জেপত অধিক ধন থাকিব ।

মিথুন ৰাশি:আজিৰ দিনটোয়ে আপোনাৰ সাফল্যৰ কঢ়িয়াই আনিব । আপোনাৰ গাৰ্হস্থ্য জীৱন বন্ধুত্বপূৰ্ণ হ’ব । পেচাদাৰী দিশটো আপুনি উজলি থাকিব, আপোনাৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ কৰিব আৰু সন্মান অৰ্জন কৰিব । আজি আৰ্থিক লাভৰ আশা কৰিব পাৰি । কিন্তু তাৰ লগতে, বৰ্দ্ধিত ব্যয়ৰো সম্ভাৱনা আছে; অৱশ্যে এই ব্যয় অপ্ৰয়োজনীয় নহয় । অপ্ৰত্যাশিত উদ্বেগ বা আক্ৰমণাত্মকতাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তাৰ বাবে আপুনি আপোনাৰ বক্তব্যৰ প্ৰতি মনোযোগ দিয়ক ।

কৰ্কট ৰাশি:জীৱনত বহুবাৰ বুজা পৰাৰ মাজেৰে আগবাঢ়িবলগীয়া হয় । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি তেনে এটা দিন । উত্তেজিত, ক্ৰোধিত বা উদ্বেগিত হ’লে পৰিস্থিতি অধিক বেয়াহে হ’ব পাৰে । দিনটো পাৰ হোৱাৰ লগে লগে আপোনাৰ শৰীৰৰো অৱনতি হ’ব পাৰে । অত্যাধিক ব্যয় হ’ব পাৰে । আপুনি ধৈৰ্য্য ধৰিব লাগিব আৰু আপোনাক অশান্তি দিয়া ক্ৰোধ আৰু হতাশাক ভংগ কৰিব লাগিব । লগতে, তৰ্কাতৰ্কি বা বিবাদত সোমোৱাৰ পৰা আঁতৰি থাকক। ভ্ৰমণ বা যাত্ৰা পিছুৱাই দিয়ক ।

সিংহ ৰাশি: এনে এটা দিন যিটো আপোনাৰ স্মৃতিৰ পৰা সহজেই আঁতৰি যাব । চিন্তা, অস্থিৰতা আৰু ক্লান্তি, এই তিনিওটাই আপোনাক হেঁচা মাৰি ধৰিব । কিন্তু সিংহৰ দৰেই, আপুনি সেইবোৰ আঁতৰাই পঠিয়াব । আপোনাৰ প্ৰিয়জন আৰু মাতৃৰ লগত কাজিয়া আৰু ভূল বুজাবুজি হ’ব পাৰে । কিন্তু এইবোৰৰ দ্বাৰা মন বেয়া নকৰিব । সম্পত্তি বা চৰকাৰী বিষয় সম্পৰ্কত লেনদেন কৰোতে অতিশয় সাৱধান হওক ।

কন্যা ৰাশি:এটা অতি উত্তম দিন । আপোনাৰ ভাতৃ-ভগ্নীয়ে আপোনাৰ ব্যক্তিত্বৰ প্ৰেমময় দিশটো দেখা পাব । তেওঁলোকৰ লগত আপোনাৰ সম্পৰ্ক মধুৰ হৈ উঠিব । আপুনি আপোনাৰ বন্ধুবৰ্গকো লগ পাব । আপোনাৰ প্ৰিয় ব্যক্তিসকলৰ লগত আপোনাৰ সম্পৰ্ক তৈয়াৰ কৰিবলৈ আৰু গম্ভীৰ কৰিবৰ বাবে এটা অতি শুভ দিন । কাৰ্যালয়ত, আপুনি গ্ৰহণ কৰা যিকোনো কৰ্মতে সফল হ’ব । আৰু আৰ্থিক দিশতো, আপোনাৰ দৰে লাভ কৰাৰ সুযোগ সকলোয়ে নাপায় । সমাজত সন্মান বৃদ্ধি কৰি অতি সুন্দৰভাৱে আজিৰ দিনটোৰ অন্ত পৰিব ।

তুলা ৰাশি: আপোনাৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ অলপ কঠিন হ’ব, যিহেতু আপুনি সমালোচক মনোভাৱৰ ধাৰণ কৰিব পাৰে । তাৰ পৰিৱৰ্তে, আপুনি আশাবাদী আৰু আত্মবিশ্বাসী হোৱা উচিত । গাৰ্হস্থ্য দিশত আপুনি কঠোৰ হোৱাৰ পৰিৱৰ্তে ইতিবাচক তথা নমনীয় হ’ব লাগিব । আপোনাৰ মনোভাৱক সংশোধন কৰাত সফল হ’লে আপোনাৰ ঘৰত কোনো সমস্যাৰ উদ্ভৱ নহয় ।

বৃশ্চিক ৰাশি:বৃশ্চিক ৰাশিৰ লোকৰ বাবে এটা পৰিপূৰ্ণ দিন । সুস্থ থাকিব আৰু প্ৰিয়জন তথা পৰিয়ালৰ লোকসকলৰ লগত পৰ্য্যাপ্ত সময় কটাব, সেয়েহে, সম্পূৰ্ণ দিনটো হাঁহিৰেই কটাব পাৰিব । প্ৰিয়জনৰ পৰা উপহাৰৰ আশা কৰিব পাৰি । আজি এটা প্ৰমোদ ভ্ৰমণৰো আয়োজন কৰিব পাৰি । আৰু, শুভ সংবাদৰ সৈতে আজিৰ দিনটো অতি সুন্দৰভাৱে অন্ত পৰিব ।

ধনু ৰাশি:ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজি সাহসেৰে কাম কৰিব । বস্তুবোৰ আকৰ্ষক আৰু সহজ নহ’ব । তাৰোপৰি, আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে তৰ্ক আৰু বিবাদত লিপ্ত হ’ব পাৰে । সেয়ে, আপোনাৰ বক্তব্য আৰু আক্ৰমণাত্মকতাৰ প্ৰতি লক্ষ্য ৰাখক । দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে; সাৱধানতাৰে গাড়ী চলাওক । লগতে, স্বাস্থ্যজনিত বিষয়তো ভূগিব পাৰে । যত্ন লওক! যি ভালদৰে আৰম্ভ হয়, সি ভালদৰে অন্তও হয় । কিন্তু আজি এনে নহ’বও পাৰে। আপুনি অত্যাধিক ব্যয় কৰিব পাৰে ।

মকৰ ৰাশি: লাভ আৰু সামাজিক দ্বায়িত্বৰ পূৰণ ক্ষেত্ৰত এটা ভাল দিন । বন্ধু আৰু পৰিয়ালবৰ্গৰ সংগত সময় কটোৱাই সুখ আৰু আনন্দ প্ৰদান কৰিব। লগতে, সফলতাই আপোনাক এৰি নাযাব আৰু প্ৰায় সকলোৰ দিশতেই সফলতা অৰ্জন কৰিব। বিবাহৰ চিন্তা কৰা লোকসকলৰ বাবে, আজিৰ দিনটোত কথা হ’ব পাৰে । এই মধুৰ দিনটোক অধিক মধুৰ কৰিবৰ বাবে, আপুনি এটা প্ৰমোদ ভ্ৰমণ কৰিব । আনন্দ উদ্‍যাপনৰ বাবে নিজকে সাজু ৰাখক, যিহেতু এটা অপ্ৰত্যাশিত কিন্তু শুভ ঘটনা ঘটাৰ সম্ভাৱনা আছে ।

কুম্ভ ৰাশি:আজিৰ দিনটো ফলপ্ৰসূ, লাভজনক, সুখী হ’ব । অতি সহজেই লক্ষ্যত উপনীত হ’ব পাৰিব । আপোনাৰ ঊৰ্ধতন কৰ্তৃপক্ষ আপোনাৰ কাম দ্বাৰা সন্তুষ্ট আৰু আনন্দিত হ’ব, সেয়েহে এটা পদোন্নতিৰ আশা কৰিব পাৰি । ব্যক্তিগত দিশত, আপুনি সম্পূৰ্ণ দিনটো সুখীহৈ থাকিব । আৰ্থিক লাভৰো সম্ভাৱনা আছে । সেয়ে, আগবাঢ়ি গৈ থাকক; জ্যেষ্ঠসকলে আপোনাক আৰ্শীবাদ প্ৰদান কৰিব ।

মীন ৰাশি:ডায়েৰীৰ সকলো পৃষ্ঠা একেই শ্ৰেষ্ঠ ৰূপত লিখিত নহয় । আজিৰ দিনটো আপোনাৰ বাবে শ্ৰেষ্ঠ নহ’বও পাৰে, কিন্তু নিশ্চিতভাৱে এটা শান্ত আবেলি লাভ কৰিব। উদ্বিগ্নতা, এলাহ আৰু অস্থিৰতাক এৰাই চলিবলৈ যত্ন কৰক। যিমান পাৰে সিমান শান্ত হৈ থাকিবৰ চেষ্ঠা কৰক । পেচাদাৰী ক্ষেত্ৰটো ঊৰ্ধতন কৰ্তৃপক্ষৰ লগত কাম কৰোতে অধিক যত্নবান হওক । এটা সৰু ভূলেও জটিল অৱস্থাত পেলাব পাৰে । সিদ্ধান্ত গ্ৰহণ কৰোতে, অতিৰিক্তভাৱে সাৱধান হওক । অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো এৰাই চলক । সন্তানৰ লগত জড়িত কথাৰ বাবে আপুনি চিন্তিত হৈ থাকিব পাৰে ।

ABOUT THE AUTHOR

...view details