অসম

assam

ETV Bharat / bharat

Daily Horoscope For 2nd May: আপোনাৰ দিনটোৰ ৰাশিফল - কুম্ভৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

DAILY HOROSCOPE FOR 2nd May 2023
দিনটোৰ ৰাশিফল

By

Published : May 2, 2023, 5:00 AM IST

মেষৰাশি: আজিৰ দিনটোৰ আৰম্ভনিয়েই শুভ হ’ব ৷ গণেশৰ কৃপাত আজি সমগ্ৰ দিন আপোনাৰ বাবে হাহিঁ আৰু আনন্দৰ হ’ব ৷ লক্ষ্মী দেবিৰ কৃপা থাকিব আপোনাৰ ওপৰত ৷ আপোনাৰ কাৰ্যক্ষমতা জনোৱাত আপুনি সফল হ’ব ৷ ব্যবসায়ৰ বাবে বিজ্ঞাপন দিয়াৰ পৰিকল্পনা কৰক, লাভজন হ’ব ৷ আপোনাৰ যোগাযোগ ব্যবস্থাই আপোনাক লাভাম্বিত কৰিব ৷ সৰু ভ্ৰমণৰ যোগ আছে ৷ সৰমাজিক কাম কৰাৰ উত্তম সময় ৷

বৃষৰাশি: সাধাৰণতে আপোনাৰ কৌশলতাৰ বাবে আপোনাক কোনেও মনত নাৰাখে কিন্তু গণেশৰ কৃপাত আপোনাৰ কাৰ্যকুশলতাৰ বাবে আপুনি জিলিকি উঠাৰ দিন আহিছে ৷ আপোনাৰ মিঠা মাত আৰু ব্যৱহাৰেই আপোনাৰ চাৰিওকাষে থকা লোকসকলক প্ৰভাৱিত কৰাৰ বাবে যথেষ্ঠ ৷ এইকেইদিনত আপোনাৰ হ’বলগীয়া ব্যৱসায় সংক্ৰান্তীয় মিটিং বা চাকৰিৰ বাবে পৰীক্ষা আদিত আপুনি সফল হ’ব ৷ আপুনি বিচৰা মানুহৰ লগত মিত্ৰতা সুদৃঢ় হ’ব ৷ আপুনি নিজৰ সূখানুভুতি কামত লগাব পাৰিব ৷ যদিও কামৰ ফল পোৱা অলপ পলম হ’ব পাৰে কিন্তু কষ্ট অথলে নাযায় ৷ ধন গোটোৱাৰ সুন্দৰ সময় ৷

মিথুনৰাশি: আপুনি আপুনাৰ দৰেই থাকক ৷ যিহেতু আপুনি সংবেদনশীল সেয়েহে, আনে হঠাৎ লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব ৷ আপোনাৰ মনলৈ অহা নতুন আদৰ্শ আপুনি কৌশলতাৰে হাতত ল’ব পাৰে ৷ আপোনাৰ মাতৃ বা পত্নীৰ লগত আপোনাৰ সম্বন্ধ অলপ মিশ্ৰ ধৰণৰ হ’ব ৷ ভ্ৰমণ বাতিল কৰক আৰু অলপ দিন পানীৰ পৰা আতৰি থাকক ৷ লগতে এইকেইদিন কোনো ৰ্নিদিষ্ট বিষয়ত মানসিক ভাবে দিগদাৰ পায় থাকিব ৷

কৰ্কট ৰাশি: আপোনাৰ বাবে এক সৌভাগ্যশালী দিন ৷ আগতে পৰিকল্পনা কৰি ৰখা নতুন কাম আৰম্ভৰ এয়া উত্তম সময় ৷ পুৰণি বন্ধুসকলক লগ পোৱাৰ সময় ৷ ভাল বন্ধু আৰু আনন্দিত কৰি ৰখা বন্ধুসকলৰ মাজত আপুনি নিজকে সতেজ অনুভৱ কৰিব ৷ ভ্ৰমণত আনন্দ লাভ কৰিব ৷ ভগবানক ধন্যবাদ জনাওক কাৰণ এই সময়খিনিত আপুনি কৰা সকলো কামৰ অতি ভাল ফল আপুনি লাভ কৰিব পাৰিব ৷ প্ৰচূৰ ধনাগমণ হ’ব আৰু টকাৰ লেনদেনত কোনো কেনা নলগাকে আগবাঢ়িব ৷

সিংহৰাশি: এই দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক গতিকে চিন্তা নকৰিব ৷ ধনৰ দিশৰ পৰা খৰচ সাময়িক ভাবে অলপ বাঢ়িব ৷ আপুনি বিদেশৰ লগত যোগাযোগ আৰু সম্পৰ্ক ৰক্ষাত সফল হ’ব ৷ পৰিয়ালৰ সদস্য আৰু প্ৰেমীৰ সহযোগিতাই আপোনাক আনন্দিত কৰিব ৷ মহিলা বন্ধুসকল বেচি সহায়ক হ’ব ৷ দম্পতি সকল লগ হৈ একেলগে খাদ্য প্ৰস্তুত কৰিব পাৰে ৷ দাত, চকু বা কাণৰ বিষে আপোনাক অলপ দিগদাৰি দিব পাৰে ৷ এইবোৰক বিশেষ গুৰুত্ব নিদি শান্ত আৰু মিঠা ব্যৱহাৰেৰে উন্নতিৰ আখলাত আৰূহন কৰক ৷

কন্যাৰাশি: দিনটো মিশ্ৰ ফলদায়ক ৷ আপুনি ভবা আৰু কৰা সকলো কামৰ উচিত ফল আজি আপুনি লাভ কৰিব ৷ যিয়ে আপোনাক সুখী কৰিব ৷ ধনৰ ফালৰ পৰা ভাল দিশ দেখা যায় আৰু আপোনাৰ কষ্টৰ বাবে আপুনি পুৰস্কিত হ’ব ৷ ব্যবসায় বৃদ্ধি হ’ব আৰু শৰীৰ ভাল থাকিব ৷ দূৰৰ পৰা ভাল খবৰ পাব আৰু সেয়া ধন সম্পৰ্কীয় হ’ব ৷ ভ্ৰমণ লাভদায়ক হ’ব আৰু বিবাহৰ যোগ আছে ৷ সংগীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷

তুলাৰাশি:জীৱনক নতুনকৈ সজোৱা আৰু উন্নত কৰাৰ উপযুক্ত সময় ৷ আপোনাৰ দৈনন্দিন ৰুটিন সলনি কৰক আৰু স্বাস্থ্য ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক ৷ অন্যথা ভবিষ্যতে শৰীৰক লৈ সমস্যাৰ সৃষ্টি হ’ব ৷ উদ্দীগ্নতা বৃদ্ধি হব আৰু অসহিঞ্চু ব্যবহাৰে আপোনাক বহুত তললৈ লৈ যাব ৷ এই অবস্থা বহু দিনলৈ চলি থাকিব ৷ অযথা যুক্তি তৰ্ক বা অদৰকাৰি কথা কোৱাৰ পৰা নিজকে আতৰাই ৰাখক ৷ আইন সংক্ৰান্তীয় কাগজত চহি কৰোতে দুবাৰ ভাবি লওক ৷ যোগভ্যাস, ধ্যান আৰু প্ৰাৰ্থনাই শৰীৰ আৰু মনক সুস্থ সবল কৰি ৰখাত সহায় কৰিব ৷

বৃশ্চিকৰাশি: আপোনাৰ বাবে সুন্দৰ আৰু শান্ত দিন ৷ সকলো নতুনকৈ আৰম্ভ হ’ব আৰু আপুনি সফলতা লাভ কৰিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ পুৰণি বন্ধুক লগ পাব আৰু তেওলোকৰ লগত বা প্ৰেমিকৰ লগত ফুৰিবলৈ যাব পাৰিব ৷ বিবাহ প্ৰাৰ্থী বিচৰা সকলৰ বাবে উত্তম সময়, আপোনালোক অতি সোনকালে বিবাহত বহিব ৷ বিপৰীত লিংগৰ লগত আপোনাৰ সম্পৰ্কই আপোনাক লাভাম্বিত কৰিব ৷ তেওঁলোকৰ লগত কৰা ব্যৱসায়ত প্ৰচুৰ উন্নতি হ’ব ৷ বন্ধু আৰু ভালপোৱা জনৰ পৰা উপহাৰ লাভ কৰিব ৷ বচে আপোনাৰ কামৰ বাবে আপোনাক উৎসাহিত কৰিব ৷ সন্তানৰ সফলতাত আনন্দ পাব ৷

ধনুৰাশি: আজি আপুনি নিজৰ কঠোৰ পৰিশ্ৰমৰ বহুত সুফল পাব । আপোনাৰ সাংসাৰিক জীৱন আনন্দদায়ক, আপুনি যি কৰিব তাতেই সফল হ’ব । কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত সন্তুষ্ট হ’ব । পিতৃ বা আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা উপকৃত হ’ব। ব্যৱসায়ৰ কাৰণে আপুনি ভ্ৰমণত যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ডাঙৰ দায়িত্ব দিয়া হ’ব। আপুনি ভাবিচিন্তি ব্যয় কৰিব পাৰিব ।

মকৰৰাশি: আজিৰ দিনটো মধ্যমীয়া হ’ব । আজিৰ দিনটো ভাল বেয়াৰ মাজত । আজি আপুনি অত্যন্ত সৃজনশীল আৰু উদ্ভাৱনশীল হৈ থাকিব । আপুনি প্ৰয়োজন অনুসৰি এই সৃজনশীলতাক কামত লগাব পাৰিব আৰু অতি উত্কৃষ্টভাৱে নিজৰ কাম কৰিব পাৰিব। তথাপি মানসিক স্বাস্থ্য আপোনাৰ ভালে নাযাব । সন্তানক লৈ সমস্যা বা সিহঁতৰ অনুপস্থিতিয়ে আপোনাক গোটেই দিনটো আমনি দি থাকিব । ধনৰ অপচয় এৰাই চলক । মনোৰম কোনো ঠাইত সৰুসুৰাকৈ ফুৰিবলৈ গ’লে আপোনাৰ কামত আহিব । প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব ।

কুম্ভৰাশি: অনৈতিক ক্ৰিয়াকলাপত লিপ্ত নহ’ব । প্ৰিয়জনৰ প্ৰতি বিশেষকৈ নিজৰ প্ৰতি সৎ থাকক। আপোনাৰ চাৰিওফালে ঘটি থকা ঘটনাবোৰক লৈ বাস্তৱসন্মত মনোভাৱ ৰাখক। ইয়াৰ সাহাৰ্যত আপুনি পৰিয়ালত গুৰুতৰ কোনো সমস্যাক চম্ভালি চলিব পাৰিব । আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বাবে আৰ্থিক সংকটত পৰিব । এটা বস্তুৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব, সেয়া হ’ল আপোনাৰ খং। আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে নাযাব ।

মীনৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ অলপ বিশ্ৰাম ল’ব । আনন্দৰ কৰাৰ বাবে আপুনি নিজৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলকো লগত লৈ ল’ব । তেওঁলোকে আপোনাৰ কামৰ প্ৰশংসা কৰিব । স্বাস্থ্যৰ দিশত আজিৰ দিনটো ভাল । শাৰীৰিক আৰু মানসিকভাৱে কোনো সমস্যা নাই আজি । তদুপৰি আপোনাৰ প্ৰতি আনৰ মনত শ্ৰদ্ধা বৃদ্ধি পোৱা দেখা পাব ।

ABOUT THE AUTHOR

...view details