মেষ ৰাশি: মানসিকভাৱে তজবজীয়া হৈ থাকিব ৷ সাংসাৰিক জীৱন আনন্দদায়ক হৈ থাকিব ৷ ভ্ৰমণত শুভ ৷ নিজৰ চিন্তা আৰু প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰক ৷ বৈদেশিক বাণিজ্যৰ সৈতে জড়িত লোকসকল লাভৱান হ’ব ৷
বৃষ ৰাশি: মানসিকভাৱে আৰামত থাকিব ৷ কামত নিখুঁত পৰিকল্পনাৰ মাজেৰে আগুৱাই যাব পাৰিব ৷ পিতৃ-মাতৃৰ পৰা সুসংবাদ পাব ৷ শাৰীৰিকভাৱে সুস্থ থাকিব ৷
মিথুন ৰাশি: দিনটো মধ্যমীয়া হ’ব ৷ নতুন কাম হাতত নল’ব ৷ স্বামী বা স্ত্ৰী আৰু সন্তানক লৈ দুশ্চিন্তা থাকিব ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো অনুকূল ৷ বিবাদত নোসোমাব ৷
কৰ্কট ৰাশি: ভাবি-চিন্তি কাম কৰক ৷ শাৰীৰিক শক্তি আৰু মানসিক শান্তি বৰ্তাই ৰখাটো জটিল হ’ব পাৰে ৷ হৃদৰোগ বা অন্যান্য কোনো ৰোগত ভুগিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ ফলত মনত দুখ পাব পাৰে ৷ ব্যয় বৃদ্ধি ৷ অনিদ্ৰাই আমনি দিব পাৰে ৷
সিংহ ৰাশি: সফলভাৱে নিজৰ কাম সম্পন্ন কৰিব পাৰিব ৷ দিনটো আনন্দত থাকিব ৷ ভাইভনীৰ সৈতে সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হৈ থাকিব ৷ প্ৰিয়জন আৰু বন্ধুৰ সৈতে সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ সুস্থ হৈ থাকিব ৷ আৰ্থিক লাভ বৃদ্ধি ৷ শান্ত হৈ থাকিব ৷ নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷
কন্যা ৰাশি: দিনটো শুভ ৷ ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ সংঘাতৰ পৰা আঁতৰত থাকক ৷ নিজৰ মুখত লেকাম টানি ৰাখক ৷ আৰ্থিক দিশবোৰ চম্ভালি ল’ব পাৰিব ৷ নেতিবাচক চিন্তা এৰাই চলক ৷ সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে ৷