অসম

assam

ETV Bharat / bharat

Daily Horoscope For 29th November: কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope For 29th November: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 29th November
আজিৰ দিনটোৰ ৰাশিফল

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:23 AM IST

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া । আপোনাৰ পৰিকল্পনাসমূহক বাস্তৱায়িত কৰাৰ বাবে আৰু নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল । তথাপিও খৰখেদাকৈ সিদ্ধান্ত লৈ নিজৰ চিন্তাধাৰাৰ প্ৰক্ৰিয়াক জটিল নকৰিব। সকলো দিশ স্বাভাৱিক থাকিবলৈ দিয়ক আৰু সহজ-সৰল হৈ থাকিবলৈ দিয়ক । কৰ্মক্ষেত্ৰত আজি প্ৰতিযোগিতাৰ মুখত পৰিব, তথাপিও আপুনি নিজৰ আত্মবিশ্বাসত অটল থাকিব, যি আপোনাক সফল কৰি তুলিব । মহিলাসকলে নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক আৰু মুখত লেকাম টানি ৰাখক । ভ্ৰমণ বা ক’ৰবাত ফুৰিবলৈ যোৱাৰ যোগ আছে ।

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গ্ৰহ আজি অনুকূল নহয় । আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আজি লুপ্ত হৈ যাব, যাৰ ফলত আপোনাৰ হাতৰ পৰা বহুত সুযোগ ওলাই যাব । আপুনি যদি এইবোৰ হেৰুৱাব নিবিচাৰে তেতিয়া হ’লে নিজৰ কামত মনোযোগ দিয়ক আৰু নিজৰ চিন্তাধাৰাক স্পষ্ট ৰাখক । আজি নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব । সহকৰ্মী, বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধীৰ-স্থিৰ হৈ কথা পাতক, কথা কোৱাৰ সময়ত আৰু কোনো কাম কৰাৰ সময়ত বিবেচকৰ দৰে কথা পাতক আৰু কাম কৰক । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক । ভাই-ভনীৰ সৈতে সম্পৰ্ক স্বাভাৱিক থাকিব ।

মিথুন ৰাশি: মানুহৰ সৈতে মিলামিচাৰ বাবে আৰু প্ৰিয়গৰাকী তথা বন্ধুৰ সৈতে হাঁহি-ফূৰ্তি কৰাৰ বাবে দিনটো ভাল । গতিকে বন্ধুসকলক নিজৰ ঘৰত নৈশ ভোজ কৰিবলৈ নিমন্ত্ৰণ জনাওঁক, তেওঁলোকৰ সৈতে ক’ৰবাত ফুৰিবলৈ যাওঁক । আৰ্থিক দিশতো আপুনি বিভিন্নভাৱে লাভবান হ’ব । কিন্তু ব্যয়বহুল বিলাসিতা নকৰিব । নিজৰ ব্যয়ক নিয়ন্ত্ৰণত ৰাখক আৰু ভাবি চিন্তি খৰচ কৰক । নেতিবাচক মনোভাৱক দূৰ কৰি ৰাখক, যাতে এয়া আপোনাৰ দিনটোক বেয়া কৰি নিদিয়ে । বন্ধু বা প্ৰিয়গৰাকীৰ পৰা উপহাৰ পাব পাৰে ।

কৰ্কট ৰাশি: আজিৰ গ্ৰহৰ অৱস্থানৰ ফলত আপুনি উদ্বিগ্ন আৰু অস্থিৰ হৈ থাকিব । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে শান্ত হৈ থাকক, নহ’লে মানসিক অস্থিৰতাই আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক লুপ্ত কৰি দিব । যাৰ ফলত আপুনি হতাশাগ্ৰস্ত হৈ পৰিব । তিলক তাল কৰি তুলিলে লাভ একোৱে নহ’ব । যিমান দূৰ সম্ভৱ উত্তপ্ত তৰ্ক-বিতৰ্ক আৰু কাজিয়া-বিবাদৰ পৰা আঁতৰত থাকক, কিয়নো এইবোৰত লিপ্ত হ’লে আপোনাৰ খং উঠি যাব, যাৰ ফলত পৰিস্থিতি অধিক বেয়াহে হ’ব । স্বাভাৱিক হৈ থাকক, অলপো বিদ্ৰোহাত্মক আচৰণ নকৰিব । আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে আৰু আপুনি অসুস্থও হ’ব পাৰে । গতিকে ভাবি চিন্তি খোৱা লোৱা কৰক আৰু খৰচ কৰক ।

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে মধ্যমীয়া দিন । আজি পৰিস্থিতি আপোনাৰ অনুকূলত থাকিব, কিন্তু আপুনি একাণপতীয়া হৈ থাকিলে বা ভুল পথত গৈ থাকিলে আজিৰ দিনটোৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰিব । আপুনি আজি সজাগ হৈ থাকিব লাগিব । নতুন প্ৰকল্প বা কাম আজি আৰম্ভ নকৰিব, কাৰণ আজিৰ দিনটো ফলদায়ক নহয় । বন্ধুসকলৰ সৎ সংগ পাব আৰু কেইজনমান বন্ধুৱে নিজক আপোনাৰ উপকাৰী বন্ধু হিচাপে প্ৰমাণ দিব । আজি প্ৰমোদ ভ্ৰমণৰ আয়োজন হ’ব পাৰে । আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ।

কন্যা ৰাশি: আজিৰ দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সুফলদায়ক । আপুনি যদি আজি কোনো নতুন প্ৰকল্প হাতত ল’ব খুজিছে, তেতিয়া হ’লে প্ৰথমতে তাকেই কৰক । কাৰণ আজিৰ দিনটো আপোনাৰ জীৱিকাৰ বাবে অনুকূল আৰু অধিক উন্নতিৰ আশা কৰিব পাৰে । লগতে আপুনি আজি পদোন্নতি লাভৰ আশাও কৰিব পাৰে আৰু কৰ্মক্ষেত্ৰত নিজৰ কামৰ প্ৰশংসাও পাব পাৰে । ব্যক্তিগত ক্ষেত্ৰতো আপোনাৰ আজি অত্যধিক ভাল হ’ব । গ্ৰহৰ অৱস্থানে কয়, আজি আপুনি চৰকাৰী লাভ আৰু সুযোগ-সুবিধা পাব পাৰে । আপোনাৰ এই প্ৰাপ্তি অধিক মধুৰ হৈ উঠিব, কাৰণ আপুনি এই সুবিধাবোৰ পোৱাৰ কাৰণে অ’ত ত’ত দৌৰি ফুৰিবলগীয়া নহ’ব, সকলো সুযোগ-সুবিধা আপোনাৰ হাতত অতি সহজতে আহি পাব ।

তুলা ৰাশি: বৌদ্ধিক ক্ৰিয়া-কলাপত তীব্ৰ আকাংক্ষা অনুভৱ কৰিব বাবে আজি আপুনি সাহিত্য ৰচনা আৰু চিত্ৰাংকণৰ দৰে সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট হ’ব । নতুন কাম আৰম্ভ কৰাৰ বাবে, পৰিকল্পনাক বাস্তৱায়িত কৰাৰ কাৰণে আজিৰ দিনটো ভাল । কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ পৰা উদগণি আৰু সহযোগিতা পাব । আপুনি অধিক ভাল কাম কৰাৰ বাবে অনুপ্ৰাণিত হ’ব । ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো লাভ কঢ়িয়াই আনিব । স্বাস্থ্যৰ প্ৰতি অৱশ্যে লক্ষ্য ৰাখিব লাগিব, স্বাস্থ্যকৰ খাদ্য ভোজন কৰক । আপোনাৰ চাৰিও ফালে থকা লোকৰ সৈতে অনাৱশ্যক তৰ্কত আৰু উত্তপ্ত বিতৰ্কত লিপ্ত নহ’ব । তীৰ্থযাত্ৰা হ’ব পাৰে ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ পক্ষত নাথাকিব । প্ৰত্যেক পদক্ষেপত আপুনি আজি সজাগ হৈ থাকিব লাগিব । আজি নতুন কোনো প্ৰকল্পৰ কাম আৰম্ভ নকৰিব, কিয়নো ইয়াৰ ফলত প্ৰচণ্ড খেলি-মেলি হ’ব পাৰে । ব্যয় নিয়ন্ত্ৰণ কৰক । বিয়েৰ উপভোগ কৰাৰ নামত আপোনাৰ টকা চকুৰ পচাৰতে ওলাই যাব । যি কোনো ধৰণৰ অনৈতিক বা বেআইনী কাৰ্যকলাপৰ পৰা দূৰত থাকক, নহ’লে এইবোৰে আপোনাক ন্যায়ালয়লৈ টানি লৈ যাব পাৰে । অচিনাকি মানুহৰ সৈতে আলাপ-আলোচনা কৰা বা নতুন যোগাযোগ নকৰিব । এইবোৰ যদি কৰিবলগীয়াই হয়, তেতিয়া হ’লে বহুত ভাবি চিন্তি মানুহৰ সৈতে বন্ধুত্ব কৰিব । আজি যদি আপুনি যোগ বা ধ্যান কৰে, তেতিয়া হ’লে সেইটোৱে আটাইতকৈ ভাল কাম হ’ব । ই আপোনাক শান্তি দিব ।

ধনুৰাশি: আজিৰ দিনটো আপোনাৰ আনন্দত কাটিব । প্ৰচুৰ মনোৰঞ্জন আৰু আনন্দ-ফূৰ্তিৰ যোগ আছে । সামাজিক কোনো সমাৱেশ বা অনুষ্ঠানত আপুনি বিভিন্ন সংস্কৃতিৰ মানুহক লগ পাব পাৰে । বন্ধু আৰু প্ৰিয়গৰাকীৰ সৈতে প্ৰমোদ ভ্ৰমণৰ যোৱাৰ পৰিকল্পনা কৰিলে ভাল হয় । আজিৰ গ্ৰহৰ অৱস্থানে আপোনাৰ সৃজনশীলতাক অধিক পৰিমাণে জগাই তুলিব, গতিকে আজি কিবা শিল্পসৃষ্টিৰ বাবে নিজৰ কল্পনা শক্তিক কামত লগাই দিয়ক । ধনু ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়িক অংশীদাৰসকলৰ দ্বাৰা লাভবান হ’ব । সন্মান অৰ্জন কৰিব ।

মকৰ ৰাশি: এখন ছবিয়ে হাজাৰটা শব্দৰ সমান কথা কয় । আপোনাৰ আজিৰ দিনটো ছবিৰ দৰে নিখুঁত । ব্যৱসায়ী, বৃত্তিধাৰী আৰু পঢ়ুৱৈসকলে আজি অনুভৱ কৰিব যে, জীৱনটো কেতিয়াবা কেতিয়াবা কিমান যে আৰামদায়ক হৈ উঠে । আৰ্থিক ক্ষেত্ৰতেই হওক বা সাংসাৰিক জীৱনতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে আপোনাৰ দিনটো আজি ভালকৈ আগবাঢ়ি যাব । আমোলাতান্ত্ৰিক আৰু চৰকাৰী বিষয়াসকলে কিছু বাধা-বিপত্তিৰ সৃষ্টি কৰিলেও সেইবোৰ সহজতে পাৰ কৰি যাব পাৰিব । একো চিন্তা নকৰিব, আপোনাৰ প্ৰতিপক্ষসকলে সেও মানিব । স্বাস্থ্যও আপোনাক দিগদাৰ নিদিয়ে ।

কুম্ভ ৰাশি: গ্ৰহৰ অৱস্থানে আজি আপোনাক সমস্যাত পেলাব পাৰে । নতুন প্ৰকল্পৰ কামত হাত নিদিব, ভ্ৰমণ এৰাই চলক । আজি গোটেই দিনটো আপুনি উদ্বিগ্ন হৈ থাকিব । মহিলাসকলে আজি নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক আৰু সকলো সময়ত শান্ত হৈ থাকক । আজি আপোনাৰ বাবে ভাল দিন এই বাবে যে, আপুনি নিজৰ সৃজনশীল প্ৰতিভাক কামত লগাই সুন্দৰ এটা শিল্প গঢ়ি তুলিব পাৰিব । আপুনি আজি বৌদ্ধিক আলোচনা আৰু ক্ৰিয়াকলাপত যুক্ত হ’ব পাৰে আৰু বৌদ্ধিকতাৰ মাত্ৰা বৃদ্ধিও পাব পাৰে । অকস্মাৎ ব্যয়ৰ যোগ আছে ।

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বহুত সমস্যাই অপেক্ষা কৰি আছে । ক’ব গ’লে সকলো ক্ষেত্ৰতেই আপুনি ইমান সমস্যা আৰু কষ্টত পৰিব যে, এনেকুৱা লাগিব যেন এইবোৰৰ কোনো অন্তই নাই । ইয়াৰ ফলত আজি গোটেই দিন আপুনি বিষণ্ণ হৈ থাকিব । আপোনাৰ স্বাস্থ্য আৰু সম্পদৰ চৰম ক্ষতি হ’ব পাৰে, গতিকে আজিৰ দিনটো যিমান পাৰে শান্ত হৈ কটাবলৈ চেষ্টা কৰক । নাৰীৰ সৈতে কথা পতাৰ সময়ত নিজৰ মুখত লেকাম টানি ৰাখিব । তেওঁলোকৰ সৈতে বেয়াকৈ কোনো কথা ক’লে বিপদত পৰিব পাৰে । চাকৰিয়ালসকলৰ কাৰণে দিনটো দুশ্চিন্তা আৰু সমস্যাৰে ভৰা । সম্পত্তি আৰু বাহন সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক হ’ব লাগিব আপুনি ।

ABOUT THE AUTHOR

...view details