অসম

assam

ETV Bharat / bharat

Daily Horoscope for 29th June: আজি দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-29th-june
আজি দিনটোৰ ৰাশিফল

By

Published : Jun 29, 2022, 5:31 AM IST

মেষ ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ভ্ৰমণলৈ যাব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷

বৃষ ৰাশি: সৌন্দৰ্যত মনোযোগ দিব ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণলৈ যাব ৷ দিনটো আনন্দৰে যাব ৷ দিনটো প্ৰায় ভাল ৷

মিথুন ৰাশি: দিনটো প্ৰায় ভাল ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ ব্যস্ততা বৃদ্ধি ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ সন্ধিয়া প্ৰায় ভাল হʼব ৷

কৰ্কট ৰাশি: পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহী হৈ পৰিব পাৰে ৷ আনক নিন্দা আৰু নিৰুৎসাহী, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ দিনটো প্ৰায় ভাল ৷

সিংহ ৰাশি: লক্ষ্যত সফল হয় ৷ সহজতে নিৰুৎসাহী হৈ নপৰিব ৷ গৌৰৱ অৰ্জন কৰিব ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণলৈ যাব ৷

কন্যা ৰাশি: কর্ম ব্যস্তাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ শান্ত হৈ থাকিব ৷ প্ৰেমত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ সন্ধিয়া মানসিক চিন্তা হʼব পাৰে ৷

তুলা ৰাশি: প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ ধন উপাৰ্জন কৰিব ৷ সৌভাগ্যবান হʼব ৷

বৃশ্চিক ৰাশি: কর্ম ব্যস্তাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দৰে কটাব ৷

ধনু ৰাশি: আনক নিন্দা আৰু নিৰুৎসাহী,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ পৰৰ বিচাৰ নকৰিব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷

মকৰ ৰাশি: নতুন দায়িত্ব লাভ কৰিব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ ভাগৰি পৰিব ৷ নিৰুৎসাহী হৈ পৰিব ৷

কুম্ভ ৰাশি:শিক্ষার্থীয়ে ভাল ফলাফল লাভ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ কৰ্ম জীৱনত বন্ধু লাভ কৰিব ৷ প্ৰেমত শুভ ৷

মীন ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ,লক্ষ্য সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷

ABOUT THE AUTHOR

...view details