মেষ ৰাশি:মেষৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে সময়টো সংবেদনশীল ৷ আৱেগিক হৈ পৰিব ৷ কোনো বন্ধুৰ অপ্ৰত্যাশিত আচৰণে মনত আঘাত দিব পাৰে ৷ সম্পত্তি বা মাটি সম্বন্ধীয় চুক্তিত চহী নকৰিব ৷ উদ্বেগ আৰু দুশ্চিন্তাক দূৰ কৰিবলৈ যোগাভ্যাস, ধ্যান, আধ্যাত্মিকতাৰ চৰ্চা কৰক ৷
বৃষ ৰাশি: আৱেগিক হৈ পৰিব ৷ ভাগ্য ভাল ৷ দিনটো আৱেগৰে ভৰি থাকিব ৷ পুৰণি কোনো বন্ধুক লগ পাব ৷ নষ্টালজিক হৈ ৰ’ব ৷ মন ভালে থাকিব ৷ কল্পনাপ্ৰৱণ আৰু সৃজনশীল হৈ থাকিব ৷ আৰ্থিক সমস্যা হ’ব পাৰে ৷
মিথুন ৰাশি: আত্মীয়, প্ৰিয়জন বা বন্ধুসকলৰ সৈতে দিনটো আনন্দ, হাঁহি, ফুৰ্তিত পাৰ হ’ব৷ ক’ৰবাত যাবলগীয়া থাকিলে, সেয়া বাতিল কৰিব ৷ আৰ্থিক পৰিকল্পনা তৈয়াৰ কৰিবলগীয়া হ’ব পাৰে ৷ সকলো সমস্যাৰ সমাধান হ’ব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷
কৰ্কট ৰাশি: দিনটো আনন্দৰে কটাওক ৷ গ্ৰহ ভাল ৷ জুতিলগা খাদ্য উপভোগ কৰিব ৷ প্ৰেমত শুভ ৷
সিংহ ৰাশি: বিপাঙত পৰিব ৷ মনত দুখ পাব ৷ দৈনন্দিন কামবোৰ কৰাৰ ক্ষেত্ৰত নিয়মবোৰ ভালকৈ মানিব ৷ অন্যথা বিপদ আছে ৷ বিমোৰত পৰিব ৷ আৱেগিক হৈ পৰিব পাৰে ৷ সতৰ্ক থাকক, কথা বতৰা আৰু কামকাজত নিজক নিয়ন্ত্ৰণ কৰি চলক ৷ আইনী বিষয়ত বিশেষ সাৱধান হ’ব ৷ সম্ভৱ হ’লে আইনী বা আমোলাতান্ত্ৰিক সিদ্ধান্ত লোৱাৰ দিন পিছুৱাই দিয়ক ৷ কোনো মানুহৰ চক্ৰান্তৰ চিকাৰ হ’ব পাৰে ৷
কন্যা ৰাশি: সৌভাগ্যশালী হ’ব ৷ প্ৰাপ্তিৰ যোগ আছে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিবাহৰ বাবে উত্তম সময় ৷ ধনবৃদ্ধি হ’ব ৷ ব্যৱসায়ত প্ৰাপ্য ধন পোৱাৰ বাবে ক’ৰবাত ভ্ৰমণলৈ যাব পাৰে ৷