অসম

assam

ETV Bharat / bharat

Daily Horoscope For 29th April: আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily Horoscope For 29th April 2023
আপোনাৰ দিনটোৰ ৰাশিফল

By

Published : Apr 29, 2023, 5:00 AM IST

মেষ ৰাশি: আজি পৰিয়ালবৰ্গৰ লগত বিবাদ আৰু তৰ্ক হ'ব পাৰে । ঘৰত হোৱা এনেধৰণৰ বিবাদে আপোনাৰ মন অশান্ত কৰিব আৰু আপোনাক অধৈৰ্য কৰি তুলিব । বৌদ্ধিক আলোচনা আৰু তৰ্কযুদ্ধত অংশগ্ৰহণ কৰাৰ পৰাও এৰাই চলা উচিত হ'ব । আপোনাৰ ব্যয়ক নিৰীক্ষণ কৰাটো প্ৰয়োজন ৷ অত্যাধিক ব্যয় হ'ব পাৰে । যদি সম্ভৱ হয়, অন্য কোনো দিনৰ বাবে আপোনাৰ যাত্ৰাক স্থগিত ৰাখক, যিহেতু এই দিনটোৱে ভাল ফল প্ৰদান নকৰিব পাৰে ।

বৃষ ৰাশি:আজিৰ দিনটো সতৰ্ক হৈ থাকক । আজি আপুনি দুশ্চিন্তাত ভুগিব পাৰে ৷ খৰচ কৰাৰ সময়ত সাৱধানে থাকিব, কাৰণ অতিৰিক্ত ব্যয়ৰ আশংকা আছে ।

মিথুন ৰাশি:লাভদায়ক দিন । অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে । আৰ্থিক লাভ ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব আৰু আয়বৃদ্ধি হ’ব। আজিৰ এই ফলদায়ক দিনটোক সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক ।

কৰ্কট ৰাশি:আজিৰ দিনটো শুভ । মন্দিৰ দৰ্শনত গ’লে মনোবল বৃদ্ধি পাব আৰু মন ভাল লাগিব । পৰিয়ালৰ লোকৰ সৈতে সময় কটাব পাৰিলে প্ৰচুৰ আনন্দ আৰু পৰিতৃপ্তি পাব । আজি গোটেই দিনটো আপুনি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব ।

সিংহ ৰাশি:আজি আপুনি সজাগ আৰু সতৰ্ক হৈ থাকক । স্বাস্থ্য সম্বন্ধীয় সমস্যা দেখা দিব পাৰে । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে লাভৱান হ'ব ।

কন্যা ৰাশি:সন্মান বৃদ্ধিৰ যোগ । নতুন সাজপাৰ ক্ৰয় কৰিব পাৰে । আজি আপুনি নতুন গাড়ী বা বাহনৰ গৰাকী হ’ব পাৰে ।

তুলা ৰাশি:পৰিয়ালৰ লোকৰ সৈতে সময় পাৰ কৰিব । সহকৰ্মী আৰু সতীৰ্থৰপৰা সহযোগিতা লাভ কৰিব । পিতৃ-মাতৃৰপৰা সুসংবাদ পাব । শত্ৰু আৰু প্ৰতিযোগীসকল পৰাস্ত ।

বৃশ্চিক ৰাশি:আজিৰ দিনটো শুভ । অৱশ্যে নতুন কোনো কাম বা প্ৰকল্প হাতত নোলোৱাটো ভাল । আৰ্থিক দিশত সুফল লাভ । ভ্ৰমণৰ দিন পিছুৱাই দিয়ক ।

ধনু ৰাশি: আজি আপুনি দিনটো বিষণ্ণ হৈ থাকিব । পৰিয়ালৰ সদস্যৰ পৰা উষ্ম আন্তৰিকতা লাভ নকৰিব । সাংসাৰিক পৰিৱেশত হতাশাই দেখা দিব পাৰে ।

মকৰ ৰাশি:নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ । ব্যৱসায়ত উন্নতি ৷ আৰ্থিক লাভৰ যোগ । পঢুৱৈসকলে নিজৰ কাম অনায়াসত কৰি যাব পাৰিব ।

কুম্ভ ৰাশি:আজিৰ দিনটোৰ স্মৃতি আপোনাৰ মনত চিৰস্থায়ীহৈ থাকিব । আৰ্থিক আৰু পেচাগত লাভৰ বাবে আজিৰ দিনটো অতি লাভদায়ক হ'ব । এই বাবে বিনোদনত আপোনাৰ অংশগ্ৰহণ আৰু বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণ কৰিবলৈ যোৱাৰ আশা কৰিব পাৰে ।

মীন ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া হ'ব । দিনটোৰ প্ৰথমভাগ কঠিন আৰু ফলপ্ৰসূ নহ'ব পাৰে, য’ত দ্বিতীয় ভাগটোয়ে সুখ শান্তি কঢ়িয়াই আনিব । পুৱাৰ ভাগত আপুনি মানসিক অস্থিৰতা, উদ্বেগ আৰু ক্লান্তি অনুভৱ কৰাৰ সম্ভাৱনা আছে ৷ এই অৱস্থাৰ পৰা ওলাই আহিবৰ বাবে আপুনি ধ্যান কৰা বা যোগাসন কৰিব লগীয়া হ'ব পাৰে । আকস্মিক ব্যয় হ'ব পাৰে ৷ পৰিয়ালৰ সৈতে সুন্দৰ সময় কটোৱাৰ লগতে সকলোবোৰ সহজ ভাৱেই পাৰ হ'ব । পেচাগত দিশত, আপোনাৰ প্ৰদৰ্শনেৰে আপুনি সকলোকে প্ৰভাম্বিত কৰাৰ সম্ভাৱনা আছে ।

ABOUT THE AUTHOR

...view details