মেষ ৰাশি:ঘৰুৱা পৰিৱেশ সুন্দৰ হ’ব ৷ যুগ্ম জীৱন সুখ সমৃদ্ধিৰে ভৰা হ’ব ৷ ধনৰ আগমন আৰু ভ্ৰমণৰ যোগ আছে ৷ দক্ষতাৰ বাবে সন্মান জনোৱা হ’ব ৷ অনাহক আলোচনা আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷
বৃষ ৰাশি: গণেশৰ কৃপাত শৰীৰ আৰু মানসিক দিশ সুন্দৰ হ’ব ৷ ধনাগমন আৰু ভৌতিক সফলতাই মনক আনন্দময় কৰি ৰাখিব৷ নতুন কামৰ পৰিকল্পনা কৰক, সফল হ’ব ৷ সিদ্ধান্ত সঠিক হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব ৷
মিথুন ৰাশি: দিনটো সিমান ভাল নহয় ৷ পেটৰ জ্বলা পোৰা আদি কষ্ট পোৱা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা কিছুদিন আঁতৰত থাকক ৷ ব্যবসায়ত শুভ ৷ ভ্ৰমণৰ বাবে উত্তম সময় ৷
কৰ্কট ৰাশি: খঙাল হৈ থাকিব ৷ উদ্দিগ্নতা বৃদ্ধি কৰিব ৷ মানসিকভাৱে দুৰ্বল কৰি তুলিব ৷ নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ কাজিয়াৰ পৰা আঁতৰি থাকক ৷
সিংহ ৰাশি: শৰীৰ ভালে থাকিব ৷ বিশ্বাস, যোগ্যতা লাভ কৰিব ৷ কামৰ কৃতকাৰ্যতাত আনন্দ লাভ কৰিব ৷
কন্যা ৰাশি: শাৰীৰিকভাৱে সুখী হ’ব ৷ সফলতা লাভ ৷ ভ্ৰমণত শুভ ৷ ধনৰ আগমন হ’ব ৷