মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ লক্ষ্য সফল ৷ বন্ধু বৰ্গৰ সৈতে তৰ্কত জড়িত হৈ পৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷
বৃষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কর্ম-ব্যৱসায় বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ দিনটো কিছু খেলিমেলি হʼব ৷
মিথুন ৰাশি :কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, সফল হʼব ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷
সিংহ ৰাশি : জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ লোৱা ভাল ৷ পৰিশ্ৰমৰ ফল নাপাব ৷ খং-ৰাগৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কর্ম সম্পদন কৰক ৷ নতুন ব্যৱসায় কৰাত সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কন্যা ৰাশি : কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷