মেষ ৰাশি: দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ লক্ষ্যত উপনীত হ’ব ৷ ব্যৱসায়-কৰ্মত মনোযোগ দিব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ নিৰুৎসাহিত হৈ নপৰিব ৷
বৃষ ৰাশি: খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি: যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷ সমনীয়াৰ লগত বিবাদ হ’ব পাৰে ৷ সৌন্দৰ্য্যৰ প্ৰতি মনোযোগ দিব ৷
কৰ্কট ৰাশি: ভাল বন্ধু লাভ ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত দিনটো আনন্দৰে যাব ৷
সিংহ ৰাশি: সক্ৰিয় অনুভৱ হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত ভাল ৷ লক্ষ্য সফল হʼব ৷ ইশ্বৰৰ কৃপাদৃষ্টি লাভ কৰিব ৷
কন্যা ৰাশি: খৰচ বৃদ্ধি ৷ নথি-পত্ৰ সুস্থিৰে পঢ়ি চহী কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ সাৱধানে থাকক ৷ ভ্ৰমণত শুভ ৷