মেষ ৰাশি: কোনো কথাতে ভাগ ল’বলৈ ইচ্ছা নহʼব ৷ প্ৰেমত শুভ ৷ বিয়াৰ সংযোগত সফলতা লাভ কৰিব ৷ বিবাহিতসকলৰ বাবে শুভ দিন ৷
বৃষ ৰাশি: দিনটো খেলিমেলিৰে পাৰ হʼব ৷ এলেহুৱা-নিৰুৎসাহী হৈ পৰিব পাৰে ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ প্ৰেমত মনোযোগ দিব ৷
মিথুন ৰাশি: যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ব্যক্তিগত জীৱন সুখৰ হ’ব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ পিছে কোনো কথাত পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ শান্ত হৈ থাকিব ৷
কৰ্কট ৰাশি: চিন্তাধাৰাবোৰ ভাল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল হʼব ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷
সিংহ ৰাশি: ব্যৱসায় আৰু কর্মত মনোযোগ দিব ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকিব ৷ আনক নিৰুৎসাহী, পৰৰ্চচা কৰাৰ পৰা আঁতৰি থাকিব ৷ লাভ বৃদ্ধি ৷ প্ৰশংসা লাভ ৷
কন্যা ৰাশি: সফল হʼব ৷ কর্মত মনোযোগ দিব ৷ ধন উপাৰ্জন কৰিব ৷ বিচাৰধাৰা উন্নত হ’ব ৷ লাভ বৃদ্ধি ৷