মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক হৈ ৰ’ব । লক্ষ্মী দেৱীৰ আশীৰ্বাদ থাকিলে আজি আপোনাৰ আৰ্থিক পৰিকল্পনাৰ পৰা আপুনি প্ৰভূত লাভৱান হ’ব । আজি আপুনি হয়তো বিত্তীয় সম্বন্ধীয় কোনো আলোচনা সভাত অংশগ্ৰহণ কৰিব পাৰে বা তাৰ আয়োজন কৰিব পাৰে । গতিকে এইটো সহজতে বুজিব পৰা যায় যে, আপুনি আজি বহুতো লোকক লগ পাব পাৰে আৰু আপোনাৰ ক্ষেত্ৰৰ বাহিৰৰ মানুহকো লগ পাব । মগজু খটুৱাবলগীয়া কিছু বৌদ্ধিক প্ৰকল্পত কাম কৰি আপুনি আনন্দ লাভ কৰিব । প্ৰেমত শুভ ৷
বৃষ ৰাশি: আপুনি যদি যোগাযোগ মাধ্যমৰ মানুহ বা ৰাজহুৱা বক্তৃতা আদি দিয়ে, তেতিয়া হ’লে আজি আপুনি নিজৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি পেলাব । আনকি এজনৰ সৈতে মুখামুখী বহি কথা পাতিও আপুনি সেই শ্ৰোতাজনক মুগ্ধ কৰি পেলাব । এনেকৈ আপুনি সেই চিনাকী মানুহজনৰ সৈতে এক বিশেষ আৰু দীঘলীয়া সম্পৰ্ক গঢ়ি তুলিব পাৰিব । আপুনি যদি পঢ়ুৱৈ তেতিয়া হ’লে জ্ঞান আহৰণ কৰা ক্ষমতা আপোনাৰ অস্বাভাৱিক ধৰণত বৃদ্ধি পাব ৷ প্ৰিয়জনৰ সৈতে মনোমালিন্য হোৱাৰ আশংকা ৷
মিথুন ৰাশি:আপোনাৰ আবেগ যেন আপোনাক পৰাস্ত কৰিব নোৱাৰে, বিশেষকৈ মহিলাসকলৰ সৈতে কথা পতাৰ সময়ত এই দিশত লক্ষ্য ৰাখিব । মহিলাতকৈয়ো আজি আপোনাৰ বাবে অধিক বিপজ্জনক হ’ল পানী । পুখুৰী, নদী আদিৰপৰা দূৰত থাকক । মদ্যপান নকৰিব বা আপোনাৰ বাবে পিছলৈ ক্ষতিকৰ হ’ব পাৰে এনেকুৱা কোনো কাম নকৰিব । আজি গোটেই দিনটো কিবা কথাত অত্যধিক চিন্তাত থাকিব আপুনি । আপোনাৰ টোপনিৰ ক্ষতি হ’ব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব । ভ্ৰমণ নকৰিব । প্ৰিয়জনৰ সৈতে কাজিয়া বা বিবাদ এৰাই চলক ৷
কৰ্কট ৰাশি: আজি আপুনি আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ হৈ থাকিব । আজি সুচাৰু ৰূপত নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰিব আৰু বন্ধু তথা প্ৰিয়জনৰ সৈতে সাক্ষাতৰ হ’ব । এই দুয়োটা কাৰণত আপুনি অত্যধিক আনন্দত থাকিব । আপুনি ইমানেই আনন্দত থাকিব যে নিজক চিকুটি কাটি চাব যে সঁচাকৈ বাস্তৱত আপুনি ইমান আনন্দ উপভোগ কৰি আছে নে । যেতিয়া গম পাব, এইবোৰ সঁচা তেতিয়া আপোনাৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব । আপোনাৰ প্ৰতিযোগীসকলে পৰাস্ত হ’ব আৰু আপুনি যিসকলক ভাল পায় তেওঁলোকৰ মন জয় কৰিব আপুনি । সৰুসুৰা ভ্ৰমণ আপোনাৰ দিনটোক অধিক আনন্দময় কৰি তুলিব । আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
সিংহ ৰাশি: সকলো ফালৰপৰা আপোনাৰ দিনটো আজি মধ্যমীয়া । পৰিয়ালৰ সৈতে আজিৰ দিনটো ভালকৈ পাৰ হ’ব, কিন্তু অসাধাৰণ একো নহয় । কিন্তু আপুনি যদি সমস্যাত পৰে, তেতিয়া হ’লে তেওঁলোকেই আপোনাৰ কাষত আহি থিয় হ’ব। আৰ্থিক দিশত আজিৰ দিনটো আপোনাৰ বাবে ভাল নহয় । আৰ্থিক লাভ আজি আপোনাৰ নহ’লেও এই ক্ষতি আপুনি পূৰাই ল’ব নতুন নতুন মানুহৰ সৈতে সম্পৰ্ক গঢ়ি চোলাৰ জৰিয়তে। কামকাজত সামান্য নিয়ম-শৃংখলা মানি চলক।
কন্যা ৰাশি: আপুনি আজি নিজৰ নম্ৰ ব্যৱহাৰ আৰু মিঠা মাতেৰে সকলক মুগ্ধ কৰি দিব । এয়া আপোনাৰ বিভিন্ন ফালৰপৰা উপকৃত কৰিব । বৌদ্ধিকভাৱে আপোনাৰ উন্নতি হ’ব । আপোনাৰ চিন্তাধাৰা সলনি হ’ব । আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব । আপোনাৰ বাবে কিছু সুসংবাদ অপেক্ষা কৰি আছে। আজি আপুনি সুখী পৰিয়াল লৈ থাকিব ।