মেষ ৰাশি: শুভ দিন ৷ মানসিকভাৱে অস্থিৰ হৈ থাকিব ৷ আত্মবিশ্বাস আৰু দৃঢ়তাৰে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ অফিচৰ কামত ভ্ৰমণলৈ যাব পাৰে ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷
বৃষ ৰাশি: ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত হাতৰ পৰা সুযোগ গুচি যাব পাৰে ৷ সকলোৰে সৈতে বুজাবুজিৰে পাৰস্পৰিক সদ্ভাৱ বৰ্তাই ৰাখি চলক ৷ ভ্ৰমণ নকৰিব ৷ নতুন কোনো কাম হাতত নল’ব ৷
মিথুন ৰাশি: আৰ্থিক লাভ হ’ব ৷ সু-খাদ্য ভোজন কৰিব ৷ বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফুৰ্তি কৰি সময় কটাব ৷ স্বাস্থ্য ভালে থাকিব ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে ৷ সাৱধানে থাকক ৷ হতাশাত ভুগিব ৷ আত্মবিশ্বাসী হৈ থাকিব ৷
কৰ্কট ৰাশি: বিভ্ৰান্ত হৈ থাকিব ৷ সিন্ধান্ত লওঁতে খেলিমেলি লাগি থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে ৷ অধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ সাংসাৰিক প্ৰয়োজনত খৰচ বৃদ্ধি ৷ কথা কওঁতে সাৱধান হ’ব ৷ স্বাস্থ্যজনিত সমস্যাত ভূগিব ৷
সিংহ ৰাশি: লাভ বৃদ্ধি ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মন স্থিৰ কৰিব নোৱাৰিলে সুযোগ হাতৰ পৰা গুচি যাব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ব্যৱসায়ীসকলৰ অপ্ৰত্যাশিতভাৱে লাভ বৃদ্ধি পাব ৷ চিন্তাত মগ্ন হৈ থাকিব ৷
কন্যা ৰাশি: কোনো নতুন কাম হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে ৷ ব্যৱসায়ীসকলৰ প্ৰচুৰ লাভ হ’ব । পিতৃৰ ফালৰ পৰা লাভ হ’ব ৷ পৰিয়ালত সুখ আৰু শান্তি বৰ্তী থাকিব ৷